অসম

assam

ETV Bharat / bharat

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত - blockade on National Highway 306

306নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধে দেওবাৰে পাঁচ দিন অতিক্ৰম কৰে ৷ মিজোৰামে চুবুৰীয়া মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা ইন্ধন আৰু ৰন্ধন গেছ সৰবৰাহ কৰিবলগীয়া হৈছে ৷

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত
অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত

By

Published : Nov 2, 2020, 10:47 AM IST

নিউজ ডেস্ক, 2 অক্টোবৰ : অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমানেও শাম কটা নাই ৷ দেওবাৰে এই ঘটনাই 23 দিন অতিক্ৰম কৰে ৷ আনহাতে মিজোৰামলৈ যোৱা 306 নং ৰাষ্ট্ৰীয় ঘাইপথটো বিগত পাঁচ দিন ধৰি অৱৰোধ কৰি ৰখাৰ ফলত মিজোৰামৰ পৰিস্থিতি অধিক অৱনমিত হৈছে ৷

অসমৰ কাচাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়ে মিজোৰামৰ কলাছিব জিলাৰ উপায়ুক্ত এইচ লালথাংলিয়ানালৈ এখন পত্ৰযোগে সীমান্তৱৰ্তী অসমৰ এলেকাসমূহৰ পৰা মিজোৰামৰ বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে ৷

আনহাতে মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুৱাংগোৱে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ এক পত্ৰযোগে 306 নং ৰাষ্ট্ৰীয় ঘাইপথত হৈ থকা অৱৰোধ সন্দৰ্ভত অসমৰ সহযোগিতা বিচাৰি আহ্বান জনাইছে ৷ শনিবাৰে অসমৰ মুখ্য সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা মুখ্য সচিব জিষ্ণু বৰুৱাক তৈল পৰিবাহী ট্ৰাক, ৰন্ধন গেছ পৰিবাহী ট্ৰাক আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনায় মিজোৰামৰ মুখ্য সচিবে ৷

ইতিমধ্যে মিজোৰাম চৰকাৰে মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা খাদ্য আৰু ৰন্ধনগেছকে ধৰি অন্যান্য সামগ্ৰী সৰবৰাহ কৰিছে ৷ মিজোৰামৰ খাদ্য-অসামৰিক আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কে লালৰিনলিয়ানাই জনোৱামতে, ইতিমধ্যেই চৰকাৰে মণিপুৰলৈ ইন্ধন কঢ়িয়াবৰ বাবে দুখনকৈ ট্ৰাক প্ৰেৰণ কৰাৰ লগতে তেল সৰবৰাহৰ বাবে পাঁচখন ট্ৰাক পঠিয়াবৰ যোজা কৰি আছে ৷ বিভাগীয় নিৰ্দেশক লালৰিয়াটজুৱালিয়ে জনোৱা মতে,ইণ্ডিয়ান অইল কৰ্পৰেশ্বনৰ সহযোগত ত্ৰিপুৰালৈ পাঁচখন ট্ৰাক প্ৰেৰণৰ বাবে সাজু কৰিছে মিজোৰাম প্ৰশাসনে ৷

কেন্দ্ৰীয় সচিব অজয় ভাল্লাই অসম আৰু মিজোৰামৰ মুখ্য সচিবৰ সৈতে হোৱা দ্বিতীয়লানি আলোচনাত দুয়োখন ৰাজ্যৰ মুখ্য সচিবক সীমান্তৱৰ্তী অঞ্চলটোৰ পৰা নিজা নিজা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছিল ৷

বিগত 23 দিন ধৰি অসমৰ কাচাৰ আৰু কৰিমগঞ্জ জিলাৰ লগতে মিজোৰামৰ মামিত আৰু কোলাচিব জিলাৰ মাজত থকা সীমান্তত দুয়োখন ৰাজ্যৰ মাজতে উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰি আছে ৷ ইয়াৰ পিচতেই কাচাৰ জিলাৰ মাজেৰে মিজোৰামলৈ যোৱা 306 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত দুয়োখন ৰাজ্যৰ মাজৰ অৰ্থনৈতিক কাম-কাজ স্তব্ধ হৈ পৰে ৷ মিজোৰামলৈ যাবলগীয়া 200খন ট্ৰাক আবদ্ধ হৈ পৰাৰ লগতে মিজোৰামৰ পৰা সামগ্ৰী লৈ অসমলৈ উভটি আহে 100খনৰো অধিক ট্ৰাক ৷ আনহাতে অৱৰোধকাৰীয়ে অৱৰোধ উঠাই ল'বলৈ এতিয়াও মান্তি হোৱা নাই ৷ অৱৰোধকাৰীয়ে অসমৰ ভূমিৰ পৰা মিজোৰামৰ বাহিনী প্ৰত্যাহাৰ নকৰালৈকে ইয়াক প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

মিজোৰামৰ গৃহমন্ত্ৰী লালছামলিয়ানাই প্ৰকাশ কৰা অনুসৰি,সাধাৰণ অৱস্থা ঘূৰি নহালৈকে সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৰাজ্যখনে বাহিনী প্ৰত্যাহাৰ নকৰে ৷ অসম আৰু মিজোৰামৰ দুয়োগৰাকী মুখ্য সচিব তথা শীৰ্ষ বিষয়াসকলৰ মাজত সম্পন্ন হোৱা আলোচনাৰ পিচতেই এই কথা প্ৰকাশ কৰে মিজোৰামৰ গৃহমন্ত্ৰীয়ে ৷

9 অক্টোবৰত 164.6 কিলোমিটাৰ দৈৰ্ঘৰ অসম-মিজোৰাম সীমান্তৰ লয়লাপুৰ-কোলাচিবত 20খন দোকান আৰু গৃহ জ্বলাই দিয়াৰ লগতে 17 অক্টোবৰত দুয়োপক্ষৰ মাজত হোৱা হতাহতিত 50ৰো অধিক লোক আহত হৈছিল ৷

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস

ABOUT THE AUTHOR

...view details