অসম

assam

ETV Bharat / bharat

ৰাহুল গান্ধীৰ মণিপুৰ প্ৰচাৰ সভাৰ 24 ঘন্টাৰ ভিতৰতে 5 কংগ্ৰেছী নেতাৰ দলত্যাগ

সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত 5 প্ৰাক্তন বিধায়কে দলত্যাগ কৰাৰ দাবী গাইখাঙ্গমৰ

ৰাহুল গান্ধীৰ মণিপুৰ প্ৰচাৰ সভাৰ প্ৰথম দিনাই 5 কংগ্ৰেছী নেতাৰ দলত্যাগ

By

Published : Mar 22, 2019, 10:57 PM IST

ইম্ফল, 22 মাৰ্চঃ মণিপুৰত ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযানৰ 24 ঘন্টাৰ ভিতৰতে 5 জন প্ৰাক্তন দলীয় বিধায়কৰ লগতে বহু দলীয় কৰ্মীয়ে দল ত্যাগ কৰি আঞ্চলিক দলত যোগদান কৰে৷

ৰাহুল গান্ধীৰ মণিপুৰ প্ৰচাৰ সভাৰ প্ৰথম দিনাই 5 কংগ্ৰেছী নেতাৰ দলত্যাগ

প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে দল ত্যাগ কৰা বিধায়ক সকলৰ ভিতৰত পূ্ৰ্ব বিধানসভা নিৰ্বাচনত পৰাজয় হোৱা আৰ কে আনন্দেমণিপুৰৰ নৰ্থ ইষ্ট ডেভেলপমেন্ট দলৰ পৰা নিৰ্বাচন খেলাৰ লগতে আন এজন প্ৰাক্তন বিধায়ক এন বিজয় উক্ত আঞ্চলিক দলৰ অধ্যক্ষ পদত থকা বুলি জনায়৷ ইয়াৰোপৰি অন্য তিনি গৰাকী দল পৰিত্যাগ কৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ক্ৰমে কে শৰত, আই ইবোহাল আৰু ই চান্দ বুলি জানিব পৰা গৈছে৷

ৰাজ্যিক কংগ্ৰেছৰ প্ৰধান গাইখাঙ্গমে দিয়া তথ্য অনুসৰি দল ত্যাগ কৰা 5 জন বিধায়কে পূৰ্বতে দল ত্যাগ কৰাৰ ইংগিত প্ৰদান কৰে৷ কাৰণ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিজন বিধায়কে প্ৰতিদণ্ডিতা কৰিব বিছৰিছিল যদিও তেওঁলোক নিশ্চিত আছিল যে তেওঁলোকক টিকেট প্ৰদান কৰা নহয় আৰু সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত তেওঁলোকে দল ত্যাগ কৰে৷আনহাতে ব্লকৰ সভাপতি এল অংগও ঘোষণা কৰে যে কংগ্ৰেছ কৰ্মী অইনাম ব্লকেও কাৰ্যালয় বন্ধ হোৱা বুলি ইতিমধ্যে দল ত্যাগ কৰে৷

ABOUT THE AUTHOR

...view details