অসম

assam

ETV Bharat / bharat

নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIVত আক্ৰান্ত !

অসমৰ নাবালিকাক বলপূৰ্বকভাৱে বহিঃৰাজ্যত বেশ্যালয়লৈ প্ৰেৰণ ৷ শৰীৰত ধৰা পৰিল এচ আই ভি ৷ নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত অহা ৰিপৰ্টে নাবালিকা গৰাকী বিগত 2018 চন ধৰি শাৰিৰীক সম্বন্ধৰ ক্ষেত্ৰত সক্ৰিয় হৈ থকাৰ লগতে 13 সপ্তাহৰ গৰ্ভৱতী হৈ আছে বুলি জনায় আয়োগৰ সদস্য জ্যোতি ৰাঠিয়ে ৷

assam-girl-trapped-in-prostitution-turns-out-hiv-positive
নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIV ত আক্ৰান্ত !

By

Published : Apr 25, 2020, 7:06 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিল: নতুন দিল্লী ৰে'লৱে ষ্টেচনৰ পৰা দিল্লী শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে এগৰাকী 17 বছৰীয়া গৰ্ভৱতী নাবালিকাক উদ্ধাৰ কৰে ৷ নাবালিকা গৰাকীক বলপূৰ্বকভাৱে বেশ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত নাবালিকা গৰাকীৰ শৰীৰত এচ আই ভি ৰোগ ধৰা পৰে ৷ নাবালিকাগৰাকী সন্দৰ্ভত তদন্ত কৰাৰ পাছত অসম আৰক্ষীয়ে নাবালিক গৰাকী সম্পৰ্কে অসমৰ এখন আৰক্ষী থানাত চাৰি বছৰ পূৰ্বে সন্ধানহীনৰ গোচৰ তৰা হৈছিল বুলি নিশ্চিত কৰে ৷

নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIV ত আক্ৰান্ত !

দিল্লী শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা জ্যোতি ৰাঠিয়ে জানিবলৈ দিয়া মতে,নাবালিকা গৰাকীক তাইৰ গাঁৱৰ পৰা ওচৰৰে 60 বছৰীয়া এগৰাকী লোকে লৈ আহে আৰু পাঞ্জাৱৰ এজন মানুহৰ ওচৰত বিক্ৰী কৰি দিয়ে ৷ কিন্তু পৰৱৰ্তী সময়ত নাবালিকা গৰাকী উক্ত মানুহজনৰ হাতৰ পৰা কৌশলেৰে দিল্লীলৈ পলাই আহিবলৈ সক্ষম হয় ৷ আৰু বিগত দুই মাহ ধৰি নাবালিকাগৰাকী দিল্লী ৰে‘লৱে ষ্টেচনত থিতাপি লৈ আছে ৷ আযোগৰ সদস্যই লগতে জনায় যে,ভুক্তভোগী নাবালিকাগৰাকীয়ে বিগত দুটা বছৰ ধৰি ভয়ংকৰ পৰিস্থিতিৰ সাক্ষী হৈ আহিছে ৷

নাবালিকা গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত অহা ৰিপৰ্টে নাবালিকা গৰাকী বিগত 2018 চন ধৰি শাৰিৰীক সম্বন্ধৰ ক্ষেত্ৰত সক্ৰিয় হৈ থকাৰ লগতে 13 সপ্তাহৰ গৰ্ভৱতী হৈ আছে বুলি জনায় আয়োগৰ সদস্য জ্যোতি ৰাঠিয়ে ৷

পৰৱৰ্তী সময়ত নাৱালিকা গৰাকীৰ মাতৃয়ে এই সন্ধৰ্ভত অৱগত কৰোৱাৰ লগতে এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাই গৰ্ভপাত কৰোৱা হয় ৷ যাৰ পাছতে নাবালিকাগৰাকীক উন্নত স্বাস্থ্য সেৱাৰ বাবে স্থানীয় স্বেচ্ছাসেৱী সংস্থাক গতাই দিয়া হয় ৷

তদুপৰি শিশুৰ অধিকাৰ সুৰক্ষা আয়োগে ই-টিভি ভাৰতক জানিবলৈ দিয়ে যে,লক ডাউন সমাপ্ত হোৱাৰ পাছত ভুক্তভোগী নাবালি্কা গৰাকীক তাইৰ পৰিয়ালক চমজাই দিয়াৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হ‘ব ৷

লগতে পঢ়ক : কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details