নেশ্বনেল ডেক্স,4 ফেব্ৰুৱাৰীঃ অহা 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সকলো দল সংগঠনেই নিজৰ নিজৰ প্ৰচাৰ তুংগত কৰি তুলিছে ৷ মঙলবাৰে ৰোহতাশ নগৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জিতেন্দ্ৰ মহাজনৰ হৈ পথযাত্ৰাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসকলক বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে আহ্বান জনায় ৷ সৰ্বানন্দই লগতে কয় যে, কেজৰিৱালে দিল্লীৰ জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰ্ণ কৰা নাই ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে জনতাৰ উপযোগী আঁচনিৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰিছে ৷ এইবাৰ দিল্লীৰ জনতাই আপৰ বিপৰীতে বিজেপিক ভোট দি জয়যুক্ত কৰিব ৷ পদযাত্ৰাটো দিল্লীৰ জে টি ৰোডস্থিত পানীৰ টেংকিৰ পৰা শ্ৰীৰাম নগৰ ৰোহতাশ নগৰ জোগী ঝুগ্গী বস্তী হৈ সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰে ৷
জিতেন্দ্ৰ মহাজনৰ হৈ দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - দিল্লী বিধানসভা নিৰ্বাচনী প্ৰচাৰ 2020
মঙলবাৰে ৰোহতাশ নগৰৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিদ্বন্দী জিতেন্দ্ৰ মহাজনৰ হৈ পদযাত্ৰাত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত পদযাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লোকসকলক বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে আবেদন জনায় ৷ তেখেতে লগতে কয় যে, এইবাৰ দিল্লীৰ জনতাই আপৰ বিপৰীতে বিজেপিক ভোট দি জয়যুক্ত কৰিব ৷
আনহাতে, বিজেপি প্ৰাৰ্থী তথা পূৰ্বৰ বিধায়ক জিতেন্দ্ৰ মহাজনে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে, বিজেপিৰ কৰ্মকৰ্তাসকল পূৰ্ণ উৎসাহত আছে আৰু সমগ্ৰ দিল্লীতে বিজেপিৰ বতাহ বলি আছে ৷ অহা 8 ফেব্ৰুৱাৰীত দিল্লীৰ জনতাই বিপুল মাত্ৰাত বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিব আৰু যেতিয়া 11 ফেব্ৰুৱাৰীত ফলাফল ওলাব সেইসময়ত ধৰ্ণা প্ৰদৰ্শন কৰাসকলক দেখা পোৱা নাযাব ৷ এইসকলক লোকক আম আদমী পাৰ্টী আৰু কংগ্ৰেছে সমৰ্থন প্ৰদান কৰি আহিছে বুলিও কয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
লগতে পঢ়ক-নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভড়েকাৰ