নিউজ ডেস্ক, 16 মে': কৰ্ণাটকৰ এটি এনজিঅ'ই কৰ'ণা সংকটৰ সময়ত দেশৰ 800 খন বিদ্যালয়ৰ 1.31 লাখ শিশুক খাদ্যৰ যোগান ধৰি আহিছে ।
এই সংস্থাটো হৈছে অক্ষয় পাত্ৰ ফাউণ্ডেছন । এই সংগঠনটোৰ পাকঘৰটো এছিয়াৰ সৰ্ববৃহৎ পাকঘৰ ৰূপে পৰিচিত । 2006 চনত ইনফ্চিছৰ পৰা লাভ কৰা বৰঙণিৰে এইটো স্থাপন হৈছিল । বৰ্তমান চলি থকা লক ডাউনত সংস্থাটোৱে 61 খন বাহনৰ ব্যৱস্থা কৰি বিভিন্ন বিদ্যালয়ত খাদ্যৰ যোগান ধৰি আহিছে ।