নিউজ ডেস্ক, ৩১ জুলাইঃ ঝাৰখণ্ডৰ ৰাঁছীত শুকুৰবাৰে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় এজন আৰক্ষী বিষয়াক । মৃত আৰক্ষী বিষয়া গৰাকীক এএছআই কামেশ্বৰ ৰবিদাস ৰূপে চিনাক্ত । টুপুদানাৰ এটা শিল কুৱেৰীৰ পৰা মৃতদেহ উদ্ধাৰ কৰে কামেশ্বৰ ৰবিদাসৰ ।
মৃত আৰক্ষী বিষয়া গৰাকীৰ পোষ্টিং ৰাঁছীৰ RIMS হাস্পতালত আছিল যদিও টুপুদানাৰ ওপিত মোতায়ন কৰা হৈছিল আৰক্ষী বিষয়া গৰাকীক ।