অসম

assam

ETV Bharat / bharat

আশাৰাম বাপুৰ পুত্ৰ নাৰায়ণ চাইলৈ যাৱজ্জীৱন কাৰাদণ্ড - আশাৰাম বাপু

ভাৰতীয় দণ্ডবিধিৰ ধাৰা 376,377,323,502-2 আৰু 120-বি ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে নাৰায়ণ চাইক ৷

আশাৰাম বাপুৰ পুত্ৰ নাৰায়ণ চাইলৈ যাৱজ্জীৱন কাৰাদণ্ড

By

Published : May 1, 2019, 10:00 AM IST

নিউজ ডেস্ক, 1 মে: গুজৰাটৰ এক জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আশাৰাম বাপুৰ পুত্ৰ নাৰায়ণ চাইক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা 376,377,323,502-2 আৰু 120-বি ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে নাৰায়ণ চাইক ৷ 2013 ত এগৰাকী ভক্তয়ে দাখিল কৰা বলাৎকাৰৰ অভিযোগ প্ৰমাণিত হোৱাৰ পাচতে এই ৰায় প্ৰদান কৰে আদালতে৷

অতিৰিক্ত ন্যায়াধীশ পি এচ গাধৱীৰ বিচাৰপীঠে এই ৰায়দান কৰাৰ লগতে ভুক্তভোগীক 5 লাখ টকাৰ ক্ষতিপুৰণ দিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ উপৰিও লাজপ’ৰ জেলত 2013 চনৰ পৰা কাৰাবন্দী হৈ থকা চাই আৰু তেওঁৰ তিনি সতীৰ্থক 10 বছৰৰ বাবে বিভিন্ন অপৰাধৰ দোষত দোষী সাব্যস্ত কৰি কাৰাদণ্ড প্ৰদান কৰা হৈছে ৷ ইয়াৰ ওপৰিও চাইৰ গাড়ীচালক জনক 6 মাহৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ৷

লগতে পঢ়ক: মোডীয়ে উলংঘা কৰা নাই নিৰ্বাচনী আচৰণ বিধিঃ নিৰ্বাচন আয়োগ

ABOUT THE AUTHOR

...view details