অসম

assam

By

Published : May 1, 2020, 3:54 PM IST

ETV Bharat / bharat

লক্ ডাউনঃ দাৰ্জিলিংৰ পৰা স্পষ্টকৈ দেখা গৈছে কাঞ্চনজংঘা

প্ৰথমবাৰলৈ দাৰ্জিলিংৰ পৰা স্পষ্টকৈ দেখা পোৱা গৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা । পৰিবেশ সম্পূৰ্ণ পৰিস্কাৰ হোৱাৰ ফলতেই দেখা পোৱা গৈছে বুলি ধাৰণা কৰিছে সকলোৱে ।

কৰ'ণা ভাইৰাছ বন্ধ সমগ্ৰ চহৰ, দাৰ্জিলিংৰ পৰা স্পষ্টকৈ দেখা গৈছে কাঞ্চনজংঘা
কৰ'ণা ভাইৰাছ বন্ধ সমগ্ৰ চহৰ, দাৰ্জিলিংৰ পৰা স্পষ্টকৈ দেখা গৈছে কাঞ্চনজংঘা

নিউজ ডেস্কঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত সকলো ঘৰৰ ভিতৰতেই আবদ্ধ হৈ আছে । সেয়ে চহৰ সমূহ সম্পূৰ্ণ উকা হৈ আছে । দেশত লক ডাউনৰ প্ৰভাব পৰিছে পৰিৱেশত । এনে সময়তে প্ৰথমবাৰৰ বাবে দাৰ্জিলিং চহৰৰ পৰা দেখা পৰিস্কাৰকৈ গৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা ।

দাৰ্জিলিংৰ পৰা স্পষ্টকৈ দেখা গৈছে কাঞ্চনজংঘা

স্থানীয় ৰাইজৰ মতে, এই ঘটনা প্ৰথম বাৰলৈ সংঘটিত হৈছে । কাঞ্চনজংঘা দাৰ্জিলিঙৰ পৰা 75 কিল'মিটাৰ দূৰৈত আছে । এই শৃংগ নেপালত অৱস্থিত ।

ABOUT THE AUTHOR

...view details