অসম

assam

By

Published : Jun 12, 2020, 3:11 PM IST

ETV Bharat / bharat

আই এ এচ ৰাধাকৃষ্ণণক তামিলনাডুৰ নতুন স্বাস্থ্য সচিব হিচাপে নিযুক্তি

ৰাজ্যখনত কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্বৰ স্বাস্থ্য সচিব বিলা ৰাজেশক বৰ্খাস্ত কৰে। ইয়াৰ পাছতে এই দায়িত্ব অৰ্পণ কৰে আই এ এচ ৰাধাকৃষ্ণণক।

তামিলনাডু
As COVID cases surges, TN Govt sacks health secretary

নিউজ ডেস্ক,১২ জুনঃ আই এ এচ ৰাধাকৃষ্ণণক তামিলনাডু চৰকাৰৰ নতুন স্বাস্থ্য সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হয়। পূৰ্বৰ আই এ এচ বিষয়া বিলা ৰাজেশৰ ঠাইত তামিলনাডু চৰকাৰে আই এ এচ ৰাধাকৃষ্ণণক নিযুক্তি প্ৰদান কৰে।

ৰাজ্যখনত কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰে স্বাস্থ্য সচিব বিলা ৰাজেশক বৰ্খাস্ত কৰে। ইয়াৰ পাছতে এই দায়িত্ব অৰ্পণ কৰে আই এ এচ ৰাধাকৃষ্ণণক। তামিলনাডু চৰকাৰৰ আদেশ মৰ্মে শীঘ্ৰে বিশেষ কোভিড-১৯ নিয়ন্ত্ৰণ বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আই এ এচ ৰাধাকৃষ্ণণে।

আই এ এচ ৰাধাকৃষ্ণণক তামিলনাডুৰ নতুন স্বাস্থ্য সচিব হিচাপে নিযুক্তি

ইয়াৰ পূৰ্বে আই এ এচ বিষয়া ৰাধাকৃষ্ণণে তামিলনাডুৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰিচালন আয়ুক্ত হিচাপে কৰ্মৰত আছিল। চুনামীৰ সংকটৰ সময়ত নাগাপাট্টিনম জিলাৰ জিলা কালেক্টৰ হিচাপে প্ৰশাসনিক কাম-কাজত সক্ৰিয় ভূমিকা পালন কৰিছিল।

ৰাজ্যখনৰ ভিতৰত চেন্নাইত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা অত্যাধিক হোৱাত চেন্নাইক 'হ'ট স্পট' হিচাপে ঘোষণা কৰে প্ৰশাসনে। গ্ৰেটাৰ চেন্নাই ক'ৰপোৰেশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনত প্ৰতিদিনে প্ৰায় ১০০০ জন লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

কিন্তু, গ্ৰেটাৰ চেন্নাই ক'ৰপোৰেশ্যনে প্ৰকাশ কৰা তথ্য আৰু স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যৰ পাৰ্থক্য দেখা গৈছিল। কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত এই পাৰ্থক্যৰ অভিযোগ উত্থাপিত হৈছে।

লগতে চাওকঃ ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ

ABOUT THE AUTHOR

...view details