অসম

assam

By

Published : Apr 16, 2020, 1:30 PM IST

ETV Bharat / bharat

অৰুণাচলৰ প্ৰথমগৰাকী কৰ’ণা আক্ৰান্ত ব্যক্তিৰ আৰোগ্য লাভ

চিকিৎসকৰ দলে 13 দিন নিৰীক্ষণত ৰখাৰ পিচতে অৰুণাচলৰ প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে তৃতীয়টো পৰীক্ষা সম্পন্ন কৰাৰ পিচতে ব্যক্তিগৰাকীৰ ফলাফল নিগেটিভ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷ বৰ্তমানলৈ অৰুণাচলত এগৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷

কৰ’ণা আক্ৰান্ত ব্যক্তিৰ আৰোগ্য লাভ
কৰ’ণা আক্ৰান্ত ব্যক্তিৰ আৰোগ্য লাভ

নিউজ ডেস্ক, 16 এপ্ৰিলঃঅৰুণাচল প্ৰদেশৰ প্ৰথমগৰাকী কৰ’ণা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিগত 13 দিন ধৰি চিকিৎসকৰ নিৰীক্ষণত থকাৰ পিচতে বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ব্যক্তিগৰাকীয়ে আৰোগ্য় লাভ কৰিছে বুলি প্ৰকাশ কৰে ৷

ইয়াক লৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটটোত,"অৰুণাচল প্ৰদেশৰ প্ৰথমটো কৰ’ণা পজিটিভ ঘটনা তৃতীয়টো পৰীক্ষা সম্পন্ন হোৱাৰ পিচত নিগেটিভ বুলি ফলাফল আহিছে ৷ বিগত 13 দিনে তেওঁক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল ৷ আজি পুনৰবাৰৰ বাবে আকৌ তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷" বুলি প্ৰকাশ কৰে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি,ৰাজ্যখনত এতিয়ালৈকে এগৰাকী ব্যক্তি কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷ সমগ্ৰ ভাৰতবৰ্ষত এই মুহূৰ্তলৈকে 12,561 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু 1,513 গৰাকীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে কৰ’ণা ভাইৰাছৰ ফলত এতিয়ালৈকে ভাৰতত 426 গৰাকীয়ে মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়কঃক’ৰণাৰ বাবে নেপালত আবদ্ধ নাৰায়ণপুৰৰ 29 জন অসমীয়া

ABOUT THE AUTHOR

...view details