তেজপুৰ, 22 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ পিচত এইবাৰ ৰঙা চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী লৈছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত । শনিবাৰে টাৱাঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি এক স্থানীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
ৰঙা চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত উজনি সোৱণশিৰিৰ জিলাত পুনৰ অবৈধভাৱে দখল কৰি লেন্সি নদীৰ পাৰত নতুন হাইদ্ৰ পাৱাৰ প্ৰজেক্ট আৰু গাঁও নিৰ্মান কৰা বিষয়ে 'মিনিস্ত্ৰী অফ এক্সটৰনেল এফেয়াৰ্চ' আৰু তেজপুৰ গজৰাজ কৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে নস্যাৎ কৰাৰ পিচতে অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰী জিলাত তাগিন যুৱ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
19 জানুৱাৰীত ইটিভি ভাৰতৰ লগত হোৱা এক সাক্ষাৎকাৰত পাণ্ডে কয় যে, চীনা সৈন্যই ভাৰতৰ ভূমিত অধিগ্ৰহণ কৰি গাঁও স্থাপন কৰা বিষয়টো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । এনে ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই । যি গাঁও নিৰ্মাণৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেয়া চীনৰ নিজৰ সীমাৰ ভিতৰত আছে । তেওঁ পুনৰ কয় যে, ইতিমধ্যে এটা কথা স্পষ্টকৈ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে (MEA) যে চীনে তেওঁলোকৰ সীমাত এখন গাঁও প্ৰস্তুত কৰিছে আৰু সেইয়া পৰ্যটনৰ ক্ষেত্ৰত উন্নত কৰি উক্ত স্থানত পৰ্যটনৰ যোগাযোগ ব্যৱস্থা কৰিছে বুলি মন্তব্য প্ৰদান কৰে বিষয়া গৰাকীয়ে । কিন্তু অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলে উজনি সোৱণশিৰি জিলাৰ ডিবাং ভেলি বিভিন্ন ঠাইত চীনা ৰাষ্ট্ৰপতি জিং পিং ৰ প্ৰতিমূৰ্তি দাহ কৰিলে আৰু সীমান্ত অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ ভিতৰত 101 টা পঁকী ঘৰ নিৰ্মান কৰি এখন গাঁও স্থাপন কৰা বিষয়টো সহজভাৱে লব পৰা নাই অৰুণাচল প্ৰদেশৰ লোকে ।