নিউজ ডেস্ক, 23 অক্টোবৰ :সদ্যসমাপ্ত জেইই পৰীক্ষাৰ পিচতে ইয়াৰ কাউন্সেলিং আৰম্ভ কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷ ৰাজ্যখনে ইতিমধ্যে অৰুণাচল প্ৰদেশ সংযুক্ট প্ৰৱেশ পৰীক্ষাৰ বাবে অভিযান্ত্ৰিক ডিপ্লমা প্ৰদান কৰিবলৈ http://apdhte.nic.in ত অধিসূচনা জাৰী কৰিছে ৷
অৰুণাচল প্ৰদেশত জেইই 2020ৰ কাউন্সেলিং আৰম্ভ যিসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীক নিজৰ নামসমূহ পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে ৷ 30 অক্টোবৰৰ পূৰ্বেই শিক্ষাৰ্থীসকলক কাউন্সেলিং প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ চৰকাৰী ৱেবচাইটত গৈ নিজকে পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে ৷
অৰুণাচল প্ৰদেশত জে ই ই 2020ৰ কাউন্সেলিং আৰম্ভ শিক্ষাৰ্থীসকলে https://admissions.nic.in/APPCOUNSE/apccounselling/root/Home.aspxenc=yVQCIiq12npg+pcvNJRdc3+Pkx819U0NkB5EjkJ7C4sBkqhGYD1Q60kSRH2lKFKL লিংকত গৈ পঞ্জীয়ন কৰিব পাৰিব ৷
ইতিমধ্যে প্ৰথম পৰ্যায়ৰ কাউন্সেলিঙৰ বাবে পঞ্জীকৰণ 22 অক্টোবৰৰ পৰা আৰম্ভ হৈছে ৷ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত 10 নৱেম্বৰত আসন প্ৰদানৰ বিষয়ে ঘোষণা কৰা হ'ব ৷
লগতে পঢ়ক :ETV Bharatৰ বাতৰি প্ৰভাৱঃ দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত বহু লোকৰ