তেজপুৰ, 2 ছেপ্টেম্বৰ :ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে পূব চিয়াং জিলাৰ মেবু ৰাজহ চক্ৰৰ অন্তৰ্গত বানপানীত ক্ষতিগ্ৰস্ত হোৱা এলেকা পৰিদৰ্শন কৰে কেন্দ্ৰীয় ইন্টাৰ মিনিস্ত্ৰীয়েল চেণ্ট্ৰেল টিমে ৷ মঙলবাৰ আৰু বুধবাৰে দুদিনীয়া ভ্ৰমণৰে জিলাখনৰ ক্ষতিগ্ৰস্ত এলেকা, পথ আৰু পানীত অনিষ্ট হোৱা কৃষকৰ খতিয়ান লয় দলটোৱে । লগতে, দলটোক সংগ দিয়ে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷
উল্লেখ্য যে, চিয়াং নদীৰ পানীয়ে মেবু ঢলা পথ উটুৱাই নিয়াৰ পিচত যাতায়ত ব্যাহত হৈছিল আৰু কেন্দ্ৰীয় দলটোৱে উক্ত অঞ্চল পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ বাবে আলোচনা কৰে । ইফালে, বানপানীৰ ফলত বহুতো পথ বিচ্ছিন্ন হোৱাৰ লগতে প্ৰায় 700 হেক্টৰ কৃষিভূমিৰ অনিষ্ট সাধন হয় । মুখ্যমন্ত্ৰী খাণ্ডুয়ে 7 জনীয়া কেন্দ্ৰীয় দলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব কে বি সিঙৰ লগতো মিলিত হয় । এই ভ্ৰমণ কালত নামিচিং গাঁৱৰ লোকে বনোৱা বাঁহৰ পৰকো পাইন পৰিদৰ্শন কৰে ।