নিউজ ডেস্ক,২৫ ফেব্ৰুৱাৰীঃ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰকলৈ(পি আৰ চি) শুকুৰবাৰৰ পৰা অৰুণাচল প্ৰদেশত অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হোৱাৰ পাচত সোমবাৰে ৰাজ্যখনৰ পৰিস্থিতি কিছু পৰিমাণে শান্ত হয়। উল্লেখ্য যে যুটীয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে দিয়া পৰামৰ্শ অনুসৰি নামচাই আৰু চাংলাং জিলাত পূৰ্বৰে পৰা বাস কৰি অহা কেইবাটাও জনগোষ্ঠীৰ লোকসকলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্তৰ বিৰোধিতাৰে অৰুণাচলত বিক্ষোভ-প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে অৰুণাচলৰ মুখ্য সচিব সত্য় গোপালে এই প্ৰস্তাৱ বৰ্তমান গ্ৰহণ কৰা নহয় বুলি ঘোষণা কৰে । সোমবাৰে ৰাজ্যখনৰ কোনো অঞ্চলতে হিংসাত্মক কাৰ্যসূচী সংঘটিত হোৱাৰ তথ্য লাভ কৰা নাই যদিও ইটানগৰ আৰু নাহৰলগুনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে।
ইপিনে সোমবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ অধ্যক্ষতাত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।
ক্ৰমাত সুস্থিৰ অৰুণাচলৰ পৰিস্থিতি - Arunachal Pradesh protest
সোমবাৰে ৰাজ্যখনৰ কোনো অঞ্চলতে হিংসাত্মক কাৰ্যসূচী সংঘটিত হোৱাৰ তথ্য লাভ কৰা নাই যদিও ইটানগৰ আৰু নাহৰলগুনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে
![ক্ৰমাত সুস্থিৰ অৰুণাচলৰ পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2542141-893-260e8116-96a6-4b2c-81bb-6b90e1d5295c.jpg)
দেওবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ আবাসত প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ চেষ্টা কৰাৰ সময়তেই দুজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হৈছিল। প্ৰতিবাদকাৰীসকলে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰস্তাৱ বাতিল কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগ, গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰীসকলক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে মুখ্য সচিব সত্য গোপালক বদলিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে। প্ৰতিবাদকাৰীসকলে উপমুখ্যমন্ত্ৰী চাৱনা মেইনৰ গৃহত অগ্নি সংযোগৰ চেষ্টা কৰাৰ লগতে জিলা প্ৰশাসনৰ কাৰ্যালয়ো লণ্ড ভণ্ড কৰে।
শনিবাৰে ইটানগৰ আৰু নাহৰলগুনত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হয় আৰু ইন্টাৰনেট সেৱাও বাতিল কৰা হয়। এই হিংসাত্মক প্ৰতিবাদৰ সময়ছোৱাত ২৪ জন আৰক্ষী বিষয়াৰ লগতে ৩৫ জন লোক আঘাতপ্ৰাপ্ত হয়।