অসম

assam

By

Published : Aug 5, 2020, 7:14 PM IST

ETV Bharat / bharat

অৰুণাচলৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মূৰব্বীৰ বৈঠক

বৈঠকত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ ড৹ বি ডি মিশ্ৰ, মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কামণ্ডৰ মুৰব্বী এ অ চি ইন চি এয়াৰ মাৰ্চেল আৰ ডি মাথুৰে ৷

অৰুণাচলৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মূৰব্বীৰ বৈঠক
অৰুণাচলৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মূৰব্বীৰ বৈঠক

তেজপুৰ, ৫ আগষ্টঃ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ ড৹ বি ডি মিশ্ৰ , মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ভাৰতীয় বায়ু সেনাৰ ইষ্টাৰ্ণ কামণ্ডৰ মুৰব্বী এ অ চি ইন চি এয়াৰ মাৰ্চেল আৰ ডি মাথুৰৰ লগত বুধবাৰে ৰাজভৱনত এখন বৈঠকত মিলিত হয় ৷ বৈঠকত ৰাজ্যপাল গৰাকীয়ে পাহাৰীয়া ৰাজ্যখনৰ লোকসকলৰ সুৰক্ষা আৰু বায়ুসেনাই ৰাজ্যখনলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে আলোচনা কৰে ৷

অৰুণাচলৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মূৰব্বীৰ বৈঠক

ৰাজ্যপাল মিশ্ৰই, যি কোনো ধৰণৰ পৰিস্থিতিত ৰাজ্যৰ জনসাধাৰণক সুৰক্ষিত ৰখাৰ দিশটো মুখ্য বুলি মন্তব্য কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী খাণ্ডুয়ে ৰাজ্য খনৰ জৰুৰী অৱস্থাত ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা আগবঢ়োৱা সহায় অপৰিহাৰ্য্য বুলি উল্লেখ কৰে ৷

বৈঠকৰ আলোকচিত্ৰ

ৰাজ্যপাল গৰাকীয়ে লগতে কয় যে, বায়ুসেনাৰ সহায়ত ৰাজ্যখনৰ আনজাও জিলাৰ সদৰ বিজয়নগৰ আৰু হোত্সেৰীম আৰু ৰুসম অঞ্চলত ম'বাইলৰ সংযোগ স্থাপন কৰিব পৰাটো সৌভাগ্যজনক ৷ লগতে মুখ্যমন্ত্ৰী খাণ্ডুৱে ৰাজ্য খনৰ বিভিন্ন ক্ষেত্ৰৰ সুৰক্ষাৰ বিষয়ে বায়ুসেনাৰ ইষ্টাৰ্ণ কামণ্ডৰ মূৰব্বী মাথুৰক অৱগত কৰে ৷ আনহাতে মাথুৰে ৰাজ্যখনৰ যিকোনো সমস্যাৰ সৈতে তাৎক্ষণিক পদক্ষেপ ল'বলৈ সাজু বুলি অৱগত কৰি কয় যে, বায়ুসেনাত সংযোজিত নতুন হাৰ্ডৱেৰে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সহায়ক হ'ব ৷

লগতে পঢ়কঃভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ

ABOUT THE AUTHOR

...view details