নিউজ ডেস্ক, 15 এপ্ৰিল, ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমকে আদি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো ক্ৰমাত পোখা মেলিবলৈ আৰম্ভ কৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছে ৷ তেনেক্ষেত্ৰত অসমৰ চুবৰীয়া ৰাজ্য অৰুণাচল আৰু ত্ৰিপুৰাৰ পৰা আহিছে এটা ভাল খবৰ ৷ অৰুণাচলত প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক 13 দিন আইচলেশ্যন প্ৰক্ৰিয়াত ৰাখি চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰক্ৰিয়া চলাই থকা হৈছিল ৷ অৱশেষত বুধবাৰে ৰোগী গৰাকীক কৰা তৃতীয়টো পৰীক্ষাত ৰোগী গৰাকীৰ গাত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নথকাৰ তথ্য পোহৰলৈ আহিছে ৷ এই কথা টুইটাৰ যোগে সদৰি কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷
কৰ'ণাতংকঃ চুবৰীয়া ৰাজ্য অৰুণাচল আৰু ত্ৰিপুৰাৰ আহিছে দুটাকৈ ভাল খবৰ - ক্ৰমাত পোখা মেলিবলৈ আৰম্ভ কৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছে
ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমকে আদি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহতো ক্ৰমাত পোখা মেলিবলৈ আৰম্ভ কৰিছে মাৰাত্মক কৰ'ণা ভাইৰাছে ৷ তেনেক্ষেত্ৰত অসমৰ চুবৰীয়া ৰাজ্য অৰুণাচল আৰু ত্ৰিপুৰাৰ পৰা আহিছে এটা ভাল খবৰ ৷
অন্যহাতে ত্ৰিপুৰাতো ৰাজ্যখনৰ প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক আগৰতলাৰ জি বি হাস্পতালত চিকিৎসা কৰি থকা হৈছিল ৷ অৱশেষত ৰাজ্যখনৰ প্ৰথম গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীকো তৃতীয়টো স্বাস্থ্য পৰীক্ষাৰ পাছত কৰ'ণা ভাইৰাছৰ অৱস্থিতি নথকাৰ তথ্য পোহৰলৈ আহিছে ৷ যাৰ পাছতেই মহিলা গৰাকীক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ৷ এই কথা সদৰি কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ লগতে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সম্পাদক দেবাশীষ বাসুৱে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে এই কথা সদৰি কৰাৰ লগতে ৰাজ্যখনক কৰ'ণা ভাইৰাছৰ পৰা মুক্তি দিবলৈ ত্ৰিপুৰা সুন্দৰী দেৱীক প্ৰাৰ্থনা জনায় ৷
লগতে পঢ়ক:ল‘ক ডাউনৰ মাজতে মহানগৰীত ধূলিৰ ধুমুহা বতাহ ৷