নেশ্বনেল ডেস্ক, 17 আগষ্ট : সংকটজনক অৱস্থাত এইমছত চিকিৎসাধীন হৈ আছে ভাৰতৰ ৰাজনৈতিক জগতৰ প্ৰৱীণ নেতা অৰুণ জেটলী ৷ কৃত্ৰিম শ্বাস - প্ৰশ্বাসৰ জৰিয়তে তেওঁক জীয়াই ৰখাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত থকাৰ লগতে এক চিকিৎসকৰ দলে প্ৰতি সময়তে তেওঁৰ স্বাস্থ্যৰ তত্বাৱধান কৰি আছে ৷
সংকটজনক অৱস্থাত জেটলী : এইমছত ভিৰ উচ্চপদস্থ নেতাৰ - সংকটজনক অৱস্থাত জেটলী
সংকটজনক অৱস্থাত এইমছত চিকিৎসাধীন হৈ আছে অৰুণ জেটলী ৷ এনে সময়তে তেওঁক সাক্ষাৎ কৰিবৰ বাবে বহুকেইজন জ্যেষ্ঠ নেতা এইমছত উপস্থিত হৈছে ৷
সংকটজনক অৱস্থাত জেটলী
এনে সময়তে বহুকেইজন জ্যেষ্ঠ ৰাজনৈতিক নেতাই 66 বৰ্ষীয় প্ৰাক্তন বৃত্তমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিবৰ বাবে এইমছত উপস্থিত হয় ৷ তেওঁলোক হৈছে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোয়েল আৰু কংগ্ৰেছ নেতা অভিষেক সিংবী আৰু জ্যোতিৰাদিত্য সিন্ধিয়া ৷ ইয়াৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন, বিজেপি নেতা সতীষ উপাধ্যায় আৰু এয়াৰ চিফ মাৰ্শ্বাল বিৰেন্দৰ সিং ধনোৱাও এইমছত উপস্থিত হৈ জেটলীক সাক্ষাৎ কৰিছিল ৷