অসম

assam

ETV Bharat / bharat

অৰুণ জেটলীৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ

সোমবাৰে প্ৰয়াত প্ৰাক্তন কেবিনেট মন্ত্ৰী অৰুণ জেটলীৰ প্ৰথমটো মৃত্য়ু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও টুইটযোগে প্ৰয়াত মন্ত্ৰী গৰাকীৰ বিষয়ে কিছু কথা উল্লেখ কৰে ৷

un Jaitley First Death Anniversary: PM Modi, Amit Shah pay
un Jaitley First Death Anniversary: PM Modi, Amit Shah pay

By

Published : Aug 24, 2020, 10:06 AM IST

নেশ্যনেল ডেস্ক, 24 আগষ্ট:কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু বিজেপিৰ এগৰাকী আগৰণুৱা নেতা অৰুণ জেটলীক তেওঁৰ প্ৰথমটো মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে প্ৰয়াত নেতা গৰাকীক এগৰাকী "অসাধাৰণ ৰাজনীতিবিদ" হিচাপে অভিহিত কৰিছিল ৷

"অৰুণ জেটলীদেৱক স্মৰণ কৰি, এগৰাকী অসাধাৰণ ৰাজনীতিবিদ, সু-বক্তাৰ লগতে এগৰাকী মহান ব্যক্তি ৷ তেওঁ বহুমুখী আৰু বন্ধুসকলৰ বন্ধু আছিল, যি সদায় নিজৰ উত্তৰাধিকাৰ, পৰিৱৰ্তনকামী দৃষ্টি ভংগী আৰু জাতিৰ প্ৰতি থকা তেওঁৰ নিষ্ঠাৰ বাবে স্মৰণীয় হৈ থাকিব" বুলি টুইটাৰযোগে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

সোমবাৰে এক টুইটযোগে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও উল্লেখ কৰে, "তেওঁ এক শূন্যতা দি থৈ গ'ল ৷ যিটো ভৰাবলৈ খুৱেই কঠিন ৷"

"মোৰ বাবে অৰুণ জেটলী মানে কি, সেইটো মোৰ বাবেও এক প্ৰহেলিকা ৷ বহু বছৰৰ পৰা তেওঁ বাস্তৱতঃ মোৰ দৈনন্দিন জীৱনৰ লগত জড়িত এক অংশ আছিল ৷ 2019 বৰ্ষৰ 24 আগষ্টৰ পাচত আৰু এনে নহ'ল ৷ বন্ধু, পথ প্ৰদৰ্শক, সংৰক্ষক বা সকলো ৷ তেওঁ এক শূন্যতা দি থৈ গ'ল ৷ যাক পূৰোৱাটো খুবেই কঠিন...অন্ততঃ আমাৰ জীৱন কালত ৷" এনেদৰে টুইট কৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:দিল্লীত মেট্ৰ' সেৱা পুনৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰক অনুৰোধ কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details