অসম

assam

By

Published : May 22, 2020, 12:51 PM IST

ETV Bharat / bharat

প্ৰৱজিত শ্ৰমিকক ঘৰ যোৱাৰ উচিত ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশ ছন্দ্ৰশেখৰ ৰাওৰ

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে ছন্দ্ৰশেখৰ ৰাওয়ে প্ৰশাসনক নিৰ্দেশনা দি ঘৰলৈ যাব বিচৰা শ্ৰমিক সকলে যাতে খোজকাঢ়ি যাব লগীয়া নহয় তাৰ বাবে বাছ অথবা ৰে'ল ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী
কে ছন্দ্ৰশেখৰ ৰাও

নিউজ ডেস্ক, 22 মে': প্ৰৱজিত শ্ৰমিক সকলে কোনো কষ্ট নোপোৱাকৈ নিজ ৰাজ্যত উপস্থিত হ'বৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ তেলেংগানা চৰকাৰৰ । সেই অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে প্ৰশাসনক প্ৰদান কৰা নিৰ্দেশনা অনুসৰি, কোনো প্ৰৱজিত শ্ৰমিক খোজ কাঢ়ি ঘৰলৈ যাব লগীয়া হ'ব নালাগে । সেয়েহে তেওঁলোকৰ বাবে বাছ অথবা ৰে'লৰ ব্যৱস্থা কৰিবলৈ তেওঁ মুখ্য সচিবক নিৰ্দেশ দিছে ।

প্ৰৱজিত শ্ৰমিকক ঘৰলৈ পঠিওৱাৰ দায়িত্ব লৈছে তেলেংগানাৰ চৰকাৰে । লগতে তেওঁৰ ৰাজ্যৰো কোনো শ্ৰমিকক যাতে খোজ কঢ়াই ঘৰলৈ নপঠিয়াই তাৰ বাবে তেওঁ আন ৰাজ্যসমূহক আহ্বান জনাইছে ৷ ৰাজ্যখনে ইতিমধ্যে 75 খন শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰাৰ কথা জনাইছে আৰু ইয়াৰ বাবে 6 কোটি টকা ব্যয় হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা পৌৰ-প্ৰশাসন মন্ত্ৰী কে টি ৰামা ৰাওৱে ।

ABOUT THE AUTHOR

...view details