নিউজ ডেস্ক,১০ জুলাইঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নাওচেৰা চেক্তৰত পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে । ভাৰতীয় সেনাক উদ্দেশ্যি ধাৰাষাৰ গুলীবৰ্ষণ কৰে পাক সেনাই । ভাৰতীয় সেনায়ো যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিয়ে পাকিস্তানক । কিন্তু পাকিস্তানৰ এই আক্ৰমণৰ ফলত এজন নিৰাপত্তাৰক্ষী নিহত হয় । সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দৰ আনন্দে এক বিজ্ঞপ্তিযোগে শুকুৰবাৰে এই কথা প্ৰকাশ কৰে ।
জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন - Rajouri
জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাত পাক সেনাৰ আক্ৰমনত নিহত হয় চম্বুৰ গুৰুং নামৰ এজন ভাৰতীয় সেনা ।
জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন
"জম্মু-কাশ্মীৰ সীমান্তত পাক সেনাৰ আক্ৰমণত হাবিলদাৰ চম্বুৰ গুৰুং গুৰুতৰভাৱে আহত হৈছিল । পিছত মৃত্যুক আঁকোৱালি লয় হাবিলদাৰ গৰাকীয়ে । তেখেত এজন অত্যন্ত সাহসী সেনা আছিল । মাতৃভূমি ৰক্ষাৰ বাবে তেখেতৰ এই ত্য়াগ দেশবাসীয়ে সদায় মনত ৰাখিব ।" সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে প্ৰকাশ কৰা বিজ্ঞপ্তিত এই কথা উল্লেখ কৰা হয় ।
লগতে চাওকঃমধ্যপ্ৰদেশৰ ৰীৱাত 750 মেগাৱাটযুক্ত সৌৰশক্তি আঁচনি মুকলি