নিউজ ডেস্ক, 9 নৱেম্বৰ :জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাখিল ছেক্টৰত সংঘটিত হোৱা সংঘৰ্ষত স্থলসেনাৰ তিনিগৰাকী বিষয়া-জোৱান আৰু বিএছএফৰ এগৰাকী কনিষ্টবল শ্বহীদ হয় ৷ আনহাতে সেনা আৰু বিএছএফৰ অভিযানত বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে এটা ৰেডিঅ' ছেট আৰু নগদ 50,000 টকা উদ্ধাৰ কৰে ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ সেনা আৰু বিএছএফে অভিযান চলাইছে ৷ সেনা আৰু বিএছএফৰ সৈতে হোৱা সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদীও নিহত হয় ৷
কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰঃ সেনাৰ অভিযান অব্যাহত - কুপৱাৰা জিলাৰ মাখিল ছেক্টৰ
বিএছএফ আৰু সেনাৰ যুটীয়া অভিযানত কুপৱাৰা জিলাৰ মাখিল ছেক্টৰত অবৈধ অস্ত্ৰৰ লগতে যোগাযোগৰ সামগ্ৰী জব্দ কৰা হয় ৷ ইতিমধ্যে অঞ্চলটোত যুটীয়া দলৰ অভিযান অব্যাহত আছে ৷
কুপৱাৰাত উদ্ধাৰ অবৈধ অস্ত্ৰ; সেনাৰ অভিযান অব্যাহত
সেনা আৰু বিএছএফে সীমান্তৰ সিপাৰৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰিবলৈ যাওঁতেই স্থলসেনাৰ 18 মাদ্ৰাছ ৰেজিমেন্টৰ এগৰাকী কেপ্টেইন আৰু দুগৰাকী জোৱানৰ লগতে বিএছএফৰ এগৰাকী কনিষ্টবল শ্বহীদ হয় ৷
লগতে পঢ়ক :2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত