জম্মু-কাশ্মীৰ, ১৭ মে': জম্মু-কাশ্মীৰৰ ড'ডা জিলাত দেওবাৰে পুৱা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা । এই সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে এজন সন্ত্ৰাসবাদী মৃত্যু হোৱা বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে ।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৰা টুইট অনুসৰি ড'ডা জিলাত এক বিশেষ তথ্যৰ ভিত্তিতেই মাজ নিশা এক অপাৰেচন চলোৱা হৈছিল । এই অপাৰেচনৰ মাজতেই শেহতীয়াকৈ (পুৱা) দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।