অসম

assam

ETV Bharat / bharat

হৃদয় বিদাৰক ! মৰমৰ কুকুৰ কেইটাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই - অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা মৰমৰ কুকুৰ কেইটাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই ৷ অগ্নিকাণ্ডত 90 শতাংশ অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে সেনা বিষয়া অংকিত বুধৰাজাই ৷

Army officer dies trying to save his dog from fire,হৃদয় বিদাৰক ! মৰমৰ কুকুৰ কেইটাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই
হৃদয় বিদাৰক ! মৰমৰ কুকুৰ কেইটাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই

By

Published : Mar 1, 2020, 6:16 PM IST

নিউজ ডেস্ক, 1 মাৰ্চঃএক শোকাৱহ দুৰ্ঘটনা ৷ নিজৰ মৰমৰ কুকুৰটোক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে দেশৰ এগৰাকী সেনা বিষয়াই ৷ এই ঘটনা সংঘটিত হয় জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গত ৷

শনিবাৰে সেনা বিষয়াগৰাকী বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা সেনা বিষয়া অংকিত বুধৰাজাই পত্নী আৰু এটা কুকুৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অন্য এটা কুকুৰক উদ্ধাৰ কৰিবলৈ যাওঁতেই 90 শতাংশ অগ্নিদগ্ধ হয় ৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় সেনা বিষয়াগৰাকীৰ ৷

মৰমৰ কুকুৰ কেইটাক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই

পিচত স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰা হয় ৷ সেনা বিষয়াগৰাকীৰ মৃতদেহটো পিচত মৰণোত্তৰ পৰীক্ষাৰ বাবে টাংমাৰ্গ চিকিৎসালয়ৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details