অসম

assam

ETV Bharat / bharat

নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তাৰ বাবে এণ্টি টেংক গাইডেড মিছাইল সংযোজন সেনাৰ

ভাৰত-পাক সীমান্তত নিয়ন্ত্ৰণ ৰেখাৰ সুৰক্ষা কটকটীয়া কৰাৰ উদ্দেশ্যে ইজৰাইলী স্পাইক এণ্টি টেংক গাইডেড মিছাইলৰ সংযোজন ভাৰতীয় সেনাৰ ৷

Army inducts anti-tank guided missiles along LoC to bolster defence
নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তাৰ বাবে এণ্টি টেংক গাইডেড মিছাইল সংযোজন সেনাৰ

By

Published : Nov 27, 2019, 5:51 AM IST

নেছনেল ডেস্ক,26 নৱেম্বৰঃ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ নিৰাপত্তাৱ সুনিশ্চিত কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰৰ নৰ্থান কামাণ্ড থিয়েটাৰত ইজৰাইলত নিৰ্মিত এণ্টি টেংক গাইডেড মিছাইলৰ সংযোজন ঘটাইছে ভাৰতীয় সেনাই ৷ এই স্পাইক এণ্টি টেংক গাইডেড মিছাইল, চমুকৈ এটিজিএম মানৱ পৰিচালিত অস্ত্ৰ আৰু ই নিজৰ পৰিধিৰ ভিতৰৰ 4 কিলোমিটাৰ দূৰত্বৰ টেংক, বাংকাৰ আদি সহজে ধ্বংস কৰাৰ সক্ষমতা ৰাখে ৷

এইবৰ্ষৰ জুলাইত সেনাই এক জৰুৰী ক্ৰয় আঁচনিৰ যোগেদি ইজৰাইলৰ এই বিশেষ অস্ত্ৰবিধৰ নিবিদা দাখিল কৰিছিল ৷

উল্লেখযোগ্য যে অস্ত্ৰবিধৰ বিশেষত্ব এইযে ইয়াক পাহাৰ আৰু সমভূমিত সংস্থাপিত কৰিব পৰাৰ লগতে বিভিন্ন ক্ষেত্ৰ যেনে বাহন, হেলিকপ্টাৰ,জাহাজ আৰু গ্ৰাউণ্ড লন্সাৰৰ পৰা গোলাবৰ্ষণ কৰাৰ সুবিধা উপলব্ধ ৷

সেনা সূত্ৰই জনোৱা মতে এই অস্ত্ৰবিধ এল অ চিৰ নৰ্থান চেক্টৰত 16 অক্টোবৰৰ পৰা সংস্থাপিত কৰা হৈছে ৷

জৰুৰীকালিন ক্ৰয়ত 210 টা মিছাইল আৰু 12 টাকৈ লন্সাৰসহ 280 কোটি টকাৰ বিনিময়ত সেনাক ইজৰাইলে ভাৰতীয় সেনাক প্ৰদান কৰিছিল ৷

এই গুৰুত্বপূৰ্ণ নিৰাপত্তা চুক্তিখন পাকিস্তানৰ বালাকোটত ভাৰতীয় বায়ু সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাছত সীমান্ত অঞ্চলত পাক সৈন্যৰ গতি-বিধি ৰোধ কৰাৰ উদ্দেশ্য সম্পাদিত কৰা হৈছিল ৷

এই স্পাইক এটিজিএমৰ প্ৰস্তুতকৰ্তা তথা নিৰ্মাতা হৈছে ইজৰাইলৰ ৰাফেল এডভান্স ডিফেন্স চিষ্টেম ৷

আৰু পঢ়ক 'মহা বিকাশ আগহাধী' মিত্ৰজোঁটে 1 ডিচেম্বৰত শক্তি প্ৰদৰ্শন কৰিব আৰু উদ্বৱ থাকৰে মিত্ৰজোঁটৰ নেতৃতৃত থাকিব: শাৰদ পাৱাৰ

ABOUT THE AUTHOR

...view details