নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনন্ধৰ অঞ্চলত ভাৰতীয় সেনা বাহিনীৰ Bomb Disposal Squad চমুকৈ BDSয়ে নিষ্ক্ৰিয় কৰে কেইবাটাও সক্ৰিয় মৰ্টাৰ চেল।
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনা বাহিনীয়ে নিষ্ক্ৰিয় কৰিলে কেইবাটাও সক্ৰিয় মৰ্টাৰ চেল - Bomb Disposal Squad
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনন্ধৰ অঞ্চলত বৃহস্পতিবাৰে ভাৰতীয় সেনা বাহিনীৰ Bomb Disposal Squad য়ে নিষ্ক্ৰিয় কৰে কেইবাটাও সক্ৰিয় মৰ্টাৰ চেল । বিগত কেইবাদিন ধৰি অঞ্চলটোত আক্ৰমণ চলাইছে পাকিস্তানী সেনাই ।
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনা বাহিনীয়ে নিষ্ক্ৰিয় কৰিলে কেইবাটাও সক্ৰিয় মৰ্টাৰ চেল
উল্লেখ্য যে, বিগত দুদিন ধৰি পাকিস্তানী সেনাই মেনন্ধৰ অঞ্চলত নিয়ন্ত্ৰণ ৰেখা তথা Locৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰি আহিছে । পাকিস্তানী সেনাৰ গুলীচালনাত মেনন্ধৰ অঞ্চলৰ এগৰাকী যুৱতী আৰু এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও চাৰিটাকৈ বাসগৃহ ক্ষতিগ্ৰস্ত হয় । আনহাতে, অঞ্চলটোত থকা বাসিন্দাসকলে শীঘ্ৰে অঞ্চলটোৰ পৰা গুলীবৰ্ষণৰ ঘটনা ৰোধ কৰিবলৈ সেনা বাহিনীৰ ওচৰত দাবী জনাই ।
লগতে চাওকঃ দিল্লী সংঘৰ্ষত জড়িত জামিয়াৰ ছাত্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ