নিউজ ডেস্ক, 23 জুন : বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ অসম চৰকাৰে সেনাৰ সহায় লৈছিল ৷ ইয়াৰ বাবে ভাৰতীয় স্থলসেনাই উক্ত স্থানলৈ এখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ বিগত 14 জুনতে অইল ইণ্ডিয়া লিমিটেডে অসামৰিক প্ৰশাসনৰ জৰিয়তে সেনাক অগ্নিকাণ্ড নিৰ্বাপনত সহায় কৰিবলৈ অনুৰোধ কৰিছিল ৷ বাঘজানৰ অইল ফিল্ড নং 5ত সংঘটিত এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সেনাই তৈয়াৰ কৰা দলংখনৰ নিৰ্মাণকাৰ্য 22 জুনতে সম্পূৰ্ণ হৈ উঠে ৷
অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ লোৱা এই কামটো সেনাৰ বাবে যথেষ্ট জটিল আছিল ৷ কিয়নো উক্ত স্থানৰ পৰা নিৰন্তৰ নিৰ্গমন হৈ থকা জুইৰ লগতে তাৰ উত্তাপে নিৰ্মাণকাৰ্যত যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল ৷ কিন্তু সকলো বাধা নেওঁচি সেনাই এই দলংখনৰ নিৰ্মাণৰ কাম চলাই গৈছিল আৰু ইয়াৰ বাবে সেনাৰ 150 গৰাকী বিশেষভাৱে প্ৰশিক্ষিত জোৱানে কাম কৰিছিল ৷ দলংখন নিৰ্মাণৰ বাবে সেনাই প্ৰায় 233 মেট্ৰিক টন সামগ্ৰী 400 কিলোমিটাৰ দুৰত্বৰ পৰা লৈ আনিছিল ৷ সেনাই 75 ডিগ্ৰী চেলছিয়াচ উষ্ণতাত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলে ৷