নিউজ ডেস্ক, 12 মে': সোমবাৰে জম্মু কশ্মীৰত থকা ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰ্যৱেক্ষণ কৰে ভাৰতৰ পশ্চিমী সেনাৰ সেনা প্ৰমুখ লেফটেনেন্ট জেনেৰেল আৰ পি সিঙে । এই পৰ্যৱেক্ষণত তেওঁ সীমান্তত সুৰক্ষাৰ অৱস্থাটো সম্পৰ্কে পৰ্যালোচনা আগবঢ়াই । সেনা বিষয়া গৰাকীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দিয়ে ভাৰতীয় সেনাৰ এগৰাকী মুখপাত্ৰই ।
জম্মু-কাশ্মীৰ সীমান্তত সুৰক্ষা পৰ্যৱেক্ষণ সেনা প্ৰমুখৰ - পশ্চিমী সেনাৰ মুখ্য সেনা প্ৰমুখ
ভাৰতীয় সেনাৰ মুখপাত্ৰ এগৰাকীয়ে ব্যক্ত কৰে যে, পশ্চিমী সেনাৰ মুখ্য সেনা প্ৰমুখ লেফটেনেন্ট জেনেৰেল আৰ পি সিঙে জম্মু-কাশ্মীৰৰ লগত সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰিভ্ৰমণ কৰে আৰু পাকিস্তান সীমান্তত সুৰক্ষা অৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰে ।
জম্মু-কাশ্মীৰ সীমান্তত সুৰক্ষা পৰ্যৱেক্ষণ সেনা প্ৰমুখৰ
সেনা বিষয়াগৰাকীৰ লগত এই পৰ্যবেক্ষণ কালত সহযোগ কৰে ৰাইজিং ষ্টাৰ বহিনীৰ GOC লেফটেনেন্ট জেনেৰেল উপেন্দ্ৰ ডিউভেদিয়ে ।
সেনা বিষয়া জনে সীমান্তত উপস্থিত সেনা জোৱান সকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক প্ৰেৰণা দিয়ে । আনহাতে তেওঁ ৰাইজিং ষ্টাৰ বহিনীক প্ৰশংসা কৰে ।