অসম

assam

ETV Bharat / bharat

দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট - Army chief General Bipin Rawat

স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটৰ নাম দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ (Chief of Defence Staff, CDS) হিচাপে ইতিমধ্যে উত্থাপন হৈছে ৷ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাই তেওঁৰ এই প্ৰৱন্ধত দেশৰ সৈন্যবাহিনীৰ বাবে চাৰিতাৰকা যুক্ত এই স্থানৰ লগতে জেন. বিপিন ৰাৱাটৰ বিষয়ে উল্লেখ কৰিছে ৷

Gen Rawat tipped to be country’s first CDS, দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট
দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট

By

Published : Dec 24, 2019, 8:09 PM IST

নতুন দিল্লী, 24 ডিচেম্বৰঃ সুৰক্ষা কেবিনেট কমিটীয়ে স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটৰ নাম দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে নিযুক্ত কৰাটো নিশ্চিত হৈছে যদিও এতিয়াও এইবিষয়ে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷

চলিত বৰ্ষৰ 31 ডিচেম্বৰত নতুন দিল্লীৰ ছাউথ ব্লকৰ পৰা দেশৰ সেনাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰি ওলাই আহিব, তেতিয়াই তেওঁ এবাৰ তেওঁৰ কাৰ্যালয়লৈ ঘুৰি চোৱাৰ লগতে সেনাপ্ৰধান হিচাপে সৈন্য সংস্কাৰ, সৈনিক নীতি, সৈনিক অভিযান আৰু তেওঁৰ অন্যান্য কাৰ্যনীতিসমূহলৈ এবাৰ নিশ্চয়কৈ মনত পেলাব ৷ দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে, জেন. ৰাৱাটে, চৰকাৰৰ সৈনিক নীতিৰ একমাত্ৰ পদবীটোত কাৰ্যনিৰ্বাহ কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত আৰম্ভ হ'বলগীয়া সৈন্য পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব ৷ ভাৰতীয় সৈন্য়বাহিনীত নতুনকৈ গঠিত চাইবাৰ, স্পেচ আৰু স্পেচিয়েল ফৰ্ছেচ কামাণ্ডৰ দায়িত্বও জেন. ৰাৱাটেই সমান্তৰালকৈ পালন কৰিব ৷

চীফ অৱ ডিফেন্স ষ্টাফ, চাৰি তাৰকাযুক্ত সৈন্য বিষয়াগৰাকী সমানৰ ভিতৰত প্ৰথম হিচাপে, স্থলসেনা, নৌ-সেনা আৰু বায়ুসেনা প্ৰধানৰ ওপৰত থাকিব আৰু তেওঁৰ দৰমহা ভাৰতীয় সৈন্যবাহিনীৰ তিনিওটা প্ৰধানৰ সমানেই হ'ব ৷ 2012 চনত কেবিনেট সচিব নৰেশ চন্দ্ৰৰ নেতৃত্বত গঠন কৰা টাস্ক ফৰ্ছে চীফ অৱ ষ্টাফ কমিটীত এগৰাকী স্থায়ী অধ্যক্ষৰ পদ গঠন কৰাৰ বাবে অনুমোদন বিচাৰিছিল ৷

দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট

কোনো সংশয় অবিহনেই জেন. ৰাৱাটক ভাৰতীয় স্থলসেনা প্ৰধানসমূহৰ ভিতৰত আটাইতকৈ কাৰ্যদক্ষ সেনাপ্ৰধান হিচাপে গণ্য় কৰা হয় ৷ তেওঁ নিজৰ কাৰ্যকালতে সৈন্য অভিযানকে ধৰি অন্যান্য বহুটো সৈনিক প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ ভিতৰত অন্যতম আছিল, সংহত সৈনিক গোট (Integrated Battle Groups, IBG), যিয়ে ভাৰতীয় সেনাৰ যুদ্ধনীতি সলনি কৰিবলৈ সক্ষম হৈছে ৷ বিগত অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ দুৰ্গম আৰু সুুউচ্ছ পাহাৰত অনুষ্ঠিত কৰা সৈনিক অনুশীলন হিমবিজয় ইয়াৰ উৎকৃষ্ট নিদৰ্শণ ৷ ষ্ট্ৰাইক ক'ৰৰ দ্বাৰা গ্ৰহণ কৰা যুদ্ধনীতি সংহত সৈনিক গোটে ওফৰাই দি এক বিধ্বংসী, সুপ্ৰশিক্ষিত আৰু সুসংহত ছাৰ্জিকেল ষ্টাইলত যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'ব পৰাকৈ সক্ষম হৈছে ৷ এই লক্ষ্যত উপনীত হ'বলৈ বিমান, আৰ্টিলাৰী আৰু অন্যান্য সৈন্য বিশেষজ্ঞৰ দ্বাৰা যুদ্ধত অৱতীৰ্ণ পৰাকৈ সংহত সৈনিক গোটক কাৰ্যক্ষম কৰি তোলা হৈছে ৷ ইয়াৰ বাবেই সংহত সৈনিক গোটৰ প্ৰথমটো অভিযানৰ বাবে অৰুণাচলৰ দুৰ্গম অঞ্চল নিৰ্বাচন কৰি লোৱা হৈছিল ৷

দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট

জেন. ৰাৱাটে যুদ্ধনীতি আৰু কৌশলক ক্ষীপ্ৰতাৰে অধিস্থাপন কৰিবলৈ সক্ষম হৈছিল ৷ এই নীতি সফল হ'লে জেন. ৰাৱাটৰ নাম আধুনিক ভাৰতীয় সৈন্য ইতিহাসত চিৰদিনৰ বাবে জিলিকি থাকিব ৷ অন্যথা তেওঁক স্থলসেনাৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে এই নীতি অৱলম্বন কৰাৰ বাবে দেশবাসীয়ে স্মৰণ কৰিব ৷ এই পৰিৱৰ্তনক কম সময়ৰ ভিতৰত, ক্ষীপ্ৰ আৰু অত্যধিক পৰিমানে যুদ্ধত অৱতীৰ্ণ হ'বলৈ সক্ষম হ'ব বুলি অনুধাৱন কৰা হৈছে ৷ জেন. ৰাৱাটৰ কাৰ্যকালতে ভাৰতে ইয়াৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহক অধিক গুৰুত্ব প্ৰদান কৰি সামৰিক সম্পৰ্কই স্থান লাভ কৰিছিল আৰু ম্যানমাৰস্থিত উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ তেওঁৰ কাৰ্যকালতে ভাৰতে ম্যানমাৰ আৰু নিয়ন্ত্ৰণৰেখাৰ সিপাৰে বহুকেইটা সফল ছাৰ্জিকেল ষ্ট্ৰাইক সম্পন্ন কৰিছিল ৷ স্থলসেনাৰ মহিলাৰ অন্তৰ্ভুক্তিৰ সপক্ষে জেন. ৰাৱাটে সৱল যুক্তি প্ৰদৰ্শণ কৰি এগৰাকী সৈনিকক যুদ্ধৰ বাবেই তৈয়াৰ কৰা হয় বুলি লিংগ সমতাৰ ওপৰতো সমানে যুক্তি প্ৰদৰ্শণ কৰিছিল ৷ বুৰহান ৱানীৰ হত্যাৰ পিচতেই কাশ্মীৰ উপত্যকাত সংঘটিত হোৱা বিদ্ৰোহ দমন কৰিবলৈ অত্যধিক শক্তি প্ৰদৰ্শণ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ জেন. ৰাৱাটৰ বাবেই ৷ অনুচ্ছেদ 370 বাতিলৰ পিচটো কাশ্মীৰত সৈন্যবাহিনীৰ দায়িত্ব নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ জেন. ৰাৱাটৰ কাৰ্যদক্ষতাৰ বাবেই ৷ 73 দিন দীঘলীয়া ভাৰতীয় আৰু চীনা সৈন্যৰ ডোকলাম ঘটনাও জেন. ৰাৱাটৰ কাৰ্যকালৰ এক অন্যতম সফলতা আছিল ৷

ABOUT THE AUTHOR

...view details