অসম

assam

ETV Bharat / bharat

তিনিদিনীয়া ভ্ৰমণসূচীৰে কহিমাত জেনেৰেল মনোজ মুকুন্দ নৰাৱনে - তিনিদিনিয়া ভ্ৰমণ সূচীৰে কহিমাত নৰাৱনে

মনোজ মুকুন্দ নাৰাৰ্ভানে তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় ৷ নাগালেণ্ডৰ ৰাজধানী কহিমাত "অৰফেন এজ" নামৰ এখন আশ্ৰম মুকলি কৰে নৰাৱনেই ।

Army Chief General Manoj Naravane, who is on three days visit to North East
তিনিদিনীয়া ভ্ৰমণসূচীৰে কহিমাত জেনেৰেল মনোজ মুকুন্দ নৰাৱনে

By

Published : Nov 25, 2020, 8:15 PM IST

তেজপুৰ, ২৫ নৱেম্বৰ: ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নৰাৱনেই তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় ৷ ইয়াৰ পিচতে নাগালেণ্ডৰ ৰাজধানী কহিমাত "অৰফেন এজ" নামৰ এখন আশ্ৰম মুকলি কৰে নৰাৱনেই ৷

আশ্ৰমৰ শিশু সকলৰ সৈতে নৰাৱনে

উল্লেখ্য যে, কহিমাত অসম ৰাইফলছৰ দ্বাৰা পৰিচালিত এই অনাথ আশ্ৰমখন নিৰ্মাণৰ বাবে যোৱা এপ্ৰিল আৰু জুন মাহত প্ৰায় ৪.৫ লাখ টকাৰ সাহাৰ্য প্রদান কৰা হৈছিল ৷ এই টকাৰে আশ্ৰমখনত কম্পিউটাৰ, শ্ৰেণীকোঠা, শিশুসকলৰ বাবে উপযুক্ত ঔষধ আদিৰ ব্যৱস্থা কৰা হয় ৷

কহিমাত জেনেৰেল মনোজ মুকুন্দ নৰাৱনে

কহিমাৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮ কিল'মিটাৰ দূৰত্বত অৱস্থিত অনাথ আশ্ৰমখন ১৯৭৩ চনতে জাপুত আগামী নামৰ এগৰাকী উদাৰ মহিলাই আৰম্ভ কৰিছিল । বৰ্তমান এই আশ্ৰমখনত প্ৰায় ৯৫ গৰাকী শিশু আছে আৰু ইয়াৰে ২৬ গৰাকী কন্যা শিশু ৷

লগতে পঢ়কঃনিভাৰৰ প্ৰভাৱ: চেম্বৰমবক্কম বান্ধ মুকলি

ABOUT THE AUTHOR

...view details