নিউজ ডেস্ক, ২৫ জুন :অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ সৈতে ভাৰতীয় সেনাৰ দল এটাই ২৩ জুনত অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পৰা NSCN ৰ দুজন কেডাৰ আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এক গোপন সূত্ৰৰ পম খেদি দলটিয়ে এই অভিযান চলাইছিল ।
গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে এছ এজ চাৰ্জেন্ট মেজা নাহম আৰু এছ এছ প্ৰাইভেট টোংগলোংগ বাগজেন বুলি জানিব পৰা গৈছে ।
অৰুণাচল আৰক্ষী আৰু ভাৰতীয় সেনাৰ যৌথ অভিযানত NSCN কেডাৰ আটক সন্দেহ কৰা অনুসৰি, আটকাধীন ব্যক্তি কেইগৰাকীয়ে জিলাখনত ৰাষ্ট্ৰবিৰোধী কাম কৰিবলৈ খোপনি পুতিছিল । অভিযানকাৰী দলটোৱে ব্যক্তি কেইগৰাকীৰ পৰা পইন্ট ৩২ পিষ্টল, ছয় জাঁই সজীৱ গুলী, তিনিটা মোবাইল ফোন, ১০ গ্ৰাম আফ্ৰিন আৰু ৫০০০ হাজাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : বিগত সময়ত বিদ্যায়তনিক দিশত জিলিকিছে সমস্যাজৰ্জৰ বিটিএডি অঞ্চল