নেশ্যনেল ডেস্ক, 22 আগষ্ট :শনিবাৰে দিল্লী আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি, দিল্লীত এক এনকাউন্টাৰৰ পাচতে আৰক্ষীয়ে কৰায়ত্ত কৰিছে এক ISIS সদস্যক ৷ সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ কৰা হৈছে বিস্ফোৰক আইইডি ৷
দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী এনকাউন্টাৰৰ পাচতে শুকুৰবাৰৰ নিশা সন্ত্ৰাসবাদীটো দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৷ এই সম্পৰ্কত আৰক্ষীৰ বিশেষ শাখাৰ জিলা আৰক্ষী বিষয়া প্ৰমোদ সিং কুশৱাহাই কয়, "ৰিডজ ৰোডস্থিত ধৌলা কোৱান আৰু কেৰল বাঘৰ মাজত সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰা হয় ৷"
দিল্লী এনকাউন্টাৰত গ্ৰেপ্তাৰ অস্ত্ৰধাৰী ISIS সন্ত্ৰাসবাদী ধৌলা কোৱানত সন্ত্ৰাসবাদীটোক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ বিশেষ শাখাই জাল পাতে ৷ আৰক্ষীয়ে ISIS সন্ত্ৰাসবাদীটোক আত্মসমৰ্পন কৰিবলৈ কয় যদিও সন্ত্ৰাসবাদীটোৱে আত্মসমৰ্পন কৰিবলৈ অস্বীকাৰ কৰে আৰু আৰক্ষীলৈ গুলীচালনা কৰে৷ উপায়ন্তৰ হৈ আৰক্ষীৰ দলটোৱেও গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু সন্ত্ৰাসবাদীটোক কৰায়ত্ত কৰে ৷
লগতে পঢ়ক :পূৰ্ব-নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ'ব JEE Main আৰু NEET