অসম

assam

ETV Bharat / bharat

কৰ‘ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সাজু সশস্ত্ৰ বাহিনীৰ 8,500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী - কোভিড-19

দেশত কৰ‘ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে, সশস্ত্ৰ বাহিনীয়ে সাজু কৰি তুলিছে প্ৰায় 9000 বিচনা আৰু 8500 চিকিৎসক ৷ নেশ্বনেল কেডেট কৰ্পছৰ প্ৰায় 25000 স্বেচ্ছাসেৱককো ইতিমধ্যে সাজু কৰি তোলা হৈছে আৰু অসামৰিক প্ৰশাসনক সহযোগ কৰিবলৈ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷

যুঁজিবলৈ সাজু সশস্ত্ৰ বাহিনীৰ 8,500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী
যুঁজিবলৈ সাজু সশস্ত্ৰ বাহিনীৰ 8,500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী

By

Published : Apr 2, 2020, 1:23 PM IST

নিউজ ডেস্ক, 2 এপ্ৰিলঃ কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ সশস্ত্ৰ বাহিনীসমূহে সাজু কৰি তুলিছে প্ৰায় 9000 বিচনা ৷ ইয়াৰ উপৰিও 8500 সশস্ত্ৰ বাহিনীৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দলৰ লগতে 25000 এনচিচি কেডেট সাজু কৰি দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগটোৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

যুঁজিবলৈ সাজু সশস্ত্ৰ বাহিনীৰ 8,500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী

ৰাজনাথ সিঙে দেশৰ সেনাৰ তিনিওটা অংগৰ লগতে অন্যান্য গোটসমূহৰ বিষয়ত সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ‘ কনফাৰেন্সিঙৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট, চীফ অৱ নাভেল ষ্টাফ এডমিৰেল কৰমবীৰ সিং, চীফ অৱ এয়াৰ ষ্টাফ এয়াৰ চীফ মাৰ্শ্বাল আৰকেএছ ভাদুৰীয়া, চীফ অৱ আৰ্মী ষ্টাফ জেন. এমএম নাৰাভানে আৰু প্ৰতিৰক্ষা সচিব অজয় কুমাৰে এই আলোচনাত অংশগ্ৰহণ কৰে ৷

যুঁজিবলৈ সাজু সশস্ত্ৰ বাহিনীৰ 8,500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী

আলোচনাত চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাটে প্ৰতিৰক্ষা মন্ত্ৰীক কৰ‘ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সেনা চিকিৎসালয়সমূহ নিৰ্বাচিত কৰাৰ লগতে প্ৰায় 9000 বিচনা সাজু কৰি ৰখাৰ কথা উল্লেখ কৰে ৷ স্থলসেনা প্ৰধান জেন. নাৰাভানে 8500 চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সাজু হৈ থকাৰ কথা উল্লেখ কৰে, যিয়ে প্ৰয়োজনত সামৰিক প্ৰশাসনক সহায় কৰিব ৷ ইতিমধ্যে এই নীতিৰ অধীনত নেপাললৈ সেনাৰ স্বাস্থ্যকৰ্মীৰ দল প্ৰেৰণ কৰিবলৈ ভাৰতীয় স্থলসেনা সাজু হৈ উঠিছে আৰু কিছুদিন পিছতেই ভাৰতীয় স্থলসেনাৰ এটা চিকিৎসাকৰ্মীৰ দল নেপাললৈ প্ৰেৰণ কৰা হ‘ব ৷ নৌসেনা প্ৰধানে প্ৰকাশ কৰা অনুসৰি, নৌ-সেনাৰ জাহাজ সম্পূৰ্ণ সাজু হৈ আছে বুলি জানিবলৈ দিয়ে ৷ যিকোনো পৰিস্থিতিতে এই জাহাজসমূহ সাধাৰণ লোকৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ৰাকেশ কুমাৰ সিং ভাদুৰীয়াই প্ৰকাশ কৰা অনুসৰি, বায়ুসেনাই ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰায় 25 টন মেডিকেল চাপ্লাই সম্পন্ন কৰিছে ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অধ্যক্ষ জি সতীশ ৰেড্ডীয়ে প্ৰকাশ কৰা অনুসৰি ভেন্টিলেটৰসমূহ উন্নয়ন কৰি এটা ভেন্টিলেটৰত চাৰিগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰি তোলা হৈছে ৷ ডিআৰডিঅ‘ৱে ইতিমধ্যে 1.5 লাখ লিটাৰ ছেনিটাইজাৰ দেশৰ বিভিন্ন সুৰক্ষা সংস্থাৰ লগতে অন্যান্য সংস্থাসমূহক প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও এন 95 প্ৰকাৰৰ 10000মাস্ক প্ৰস্তুত কৰি উলিওৱাৰ লগতে 10000 প্ৰস্তুতৰ কাম শীঘ্ৰেই সম্পন্ন হ‘ব ৷ লগতে আন 40000 অন্য মাস্ক দিল্লী আৰক্ষীলৈ আৰু 20000 ব্যক্তিগত সুৰক্ষা উপাদান প্ৰস্তুত কৰি উলিয়াবলৈ কাম চলি আছে বুলিও জনায় অধ্য়ক্ষগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details