নেশ্বনেল ডেস্ক, 1 জানুৱাৰীঃ বুধবাৰে ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে জেন. বিপিন ৰাৱটে ৷ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক শ্ৰদ্ধাঞ্জলী জনোৱাৰ পাচতে কাৰ্যালয়ত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাৱাটে ৷
উল্লেখ্য যে, ছাউথ ব্লকত জেনেৰেল ৰাৱাটে নিজৰ কাৰ্যালয় থাকিব ৷ 30 ডিচেম্বৰৰ দিনা ভাৰতীয় সেনা প্ৰধান হিচাপে অৱসৰ লোৱাৰ পাচতে তেওঁ ভাৰতৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্বগ্ৰহণ কৰে ৷ স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ প্ৰগতিৰ লক্ষ্যৰে তেওঁক এই গুৰুদায়িত্ব প্ৰদান কৰা হৈছে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ সামৰিক বাহিনীক সৱল কৰি তোলাৰ প্ৰচেষ্টা কৰা হ'ব ৷
ৰাষ্ট্ৰীয় যুদ্ধস্মাৰকত চিডিএছ বিপিন ৰাৱাট তিনি বছৰৰ বাবে সেনা প্ৰধান হিচাপে দায়িত্ব পালন কৰা ৰাৱাটে তেওঁৰ কাৰ্যকালত 1.3 মিলিয়ন সৈন্যযুক্ত শক্তিশালী ভাৰতীয় স্থলসেনাক দৃঢ় কৰি তোলাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছিল ৷ ইয়াৰোপৰি, জম্মু-কাশ্মীৰৰ সীমান্তত সন্ত্ৰাসবাদ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁৰ বহু অৰিহনা আছে ৷
চৰকাৰে অৱসৰৰ বয়সসীমা 65 বছৰ ধাৰ্য কৰাৰ পাচতে তেওঁ তিনি বছৰ পৰ্যন্ত চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে দায়িত্বভাৰ পালন কৰিব পাৰিব ৷ এক সংবাদমেল সম্বোধন কৰি ৰাৱাটে কয়, "আমি ৰাজনীতিৰ পৰা নিজক আঁতৰাই ৰাখো ৷ চৰকাৰৰ নিৰ্দেশমতেহে আমি দায়িত্ব পালন কৰো ৷" ৰাৱাটে কয় যে, তেওঁৰ লক্ষ্য হ'ব তিনিওটা বিভাগৰ সৰ্বাত্মক বিকাশ আৰু তিনিওটা বিভাগত প্ৰদান কৰা সম্পদৰ সঠিক ব্যৱহাৰ ৷
আৰু পঢ়ক : ভাৰতীয় সৈন্যই চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব: সেনা প্ৰধান