নতুন দিল্লী, 16 জুলাই : পূব লাডাখত চীনৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতৰ স্থল, নৌ আৰু বায়ু সেনাক 300 কোটি টকাৰ অস্ত্ৰ ক্ৰয়ৰ বিশেষ অধিকাৰ প্ৰদান কৰিছে ৷ প্ৰতিৰক্ষা বিভাগৰ বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি, সেনাবাহিনীৰ তিনিটা বিভাগক অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বতন্ত্ৰতা দিয়া হৈছে ৷
ভাৰতীয় সেনাক 300 কোটিৰ অস্ত্ৰ ক্ৰয়ৰ বিশেষ অধিকাৰ - জৰুৰীকালীন
দেশৰ জৰুৰীকালীন অৱস্থাত অভিযানৰ সময়ত সেনাৰ হাতত যাতে প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত থাকে তাৰবাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

দেশৰ জৰুৰীকালীন অৱস্থাত অভিযানৰ সময়ত সেনাৰ হাতত যাতে প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত থাকে তাৰবাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অৱশ্যে এই অস্ত্ৰ তথা সামগ্ৰীৰ মূল্য 300 কোটি টকাৰ অধিক হ'ব নালাগিব ৷ ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে তৎকালীনভাবে অস্ত্ৰ ক্ৰয়ৰ ব্যৱস্থা গ্ৰহণৰ বাবে সশস্ত্ৰ বাহিনীক অধিকাৰ প্ৰদান কৰিছে ৷ সশস্ত্ৰ বাহিনীয়ে ছয় মাহৰ ভিতৰত অস্ত্ৰসমূহৰ তালিকা প্ৰেৰণ কৰাৰ লগতে এবছৰৰ ভিতৰত অস্ত্ৰসমূহ উপলব্ধ হোৱাৰ কথা নিশ্চিত কৰাৰ বাবে বিভাগটোৱে নিৰ্দেশ দিয়ে ৷
লগতে পঢ়ক : ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ