অসম

assam

ETV Bharat / bharat

পাৰমানৱিক শক্তিসম্পন্ন আছিল কুন্তীপুত্ৰ অৰ্জুনৰ শৰ - কুৰুক্ষেত্ৰ

45তম পূৰ্ব ভাৰত বিজ্ঞান মেলা আৰু 19তম বিজ্ঞান আৰু অভিযান্ত্ৰিক মেলাত পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "মহাভাৰতৰ অৰ্জুনৰ শৰত আছিল 'পাৰমাণৱিক শক্তি' আৰু ৰামায়নত 'বিমানৰ' কথা উল্লেখ আছিল ৷

জগদ্বীপ ধনখাড়
জগদ্বীপ ধনখাড়

By

Published : Jan 16, 2020, 1:22 PM IST

নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃপশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখাড়ে মঙলবাৰে ভাৰতৰ মহাকাব্যৰ বিযয়ে নিজৰ মত ব্যাখ্যা কৰি কয় যে, "মহাভাৰতৰ অৰ্জুনৰ শৰত আছিল 'পাৰমাণৱিক শক্তি' আৰু ৰামায়নত 'বিমান'ৰ কথা উল্লেখ আছিল ৷ সেই হেতুকে ভাৰতক উপেক্ষা কৰাৰ সামৰ্থ বিশ্ববাসীৰ নাই ৷"

ধনখাড়ে এই মন্তব্য প্ৰকাশ কৰে, 45তম পূৰ্ব ভাৰত বিজ্ঞান মেলা আৰু 19তম বিজ্ঞান আৰু অভিযান্ত্ৰিক মেলাত ৷ ধনখাড়ে কয়, 'যদি আমি আমাৰ পুৰণি ধৰ্মগ্ৰন্থবোৰ চাওঁ, বিমানৰ আৱিষ্কাৰ 1910 বা 1911 চনতহে হৈছিল ৷ কিন্তু ৰামায়নত আমাৰ লগত আছিল উৰণীয়া বাহন (বিমান) ৷ মহাভাৰতত অৰ্জুনে নিক্ষেপ কৰা শৰসমূহত পাৰমাণৱিক শক্তি নিহিত হৈ আছিল ৷'

মহাভাৰতত উল্লেখ থকা অনুসৰি, সঞ্জয়ে তেওঁৰ পৰা দুৰত থকা ঘটনাসমূহ দেখাৰ শক্তি পাইছিল, যাৰ বাবে তেওঁ কুৰুক্ষেত্ৰ যুদ্ধৰ সমগ্ৰ পৰিস্থিতি অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সন্মুখত বিশ্লেষণ কৰিব পাৰিছিল, যাৰ মাজত ভাগৱত গীতাও আছিল ৷ বিশ্ববাসীয়ে ভাৰতক উপেক্ষা কৰাৰ কোনো সামৰ্থ নাই বুলি কয় ৰাজ্যপাল গৰাকীয়ে ৷

ৰাজ্যপাল গৰাকীক এই বক্তব্যক কটাক্ষ কৰি বৈজ্ঞানিক নৃসিংহ ভাদুৰীয়ে কয়, "সমস্যটো হ'ল যে, কেন্দ্ৰৰ বিজেপি চৰকাৰৰ দ্বাৰা নিযুক্ত এই ৰাজ্যপাল সকলে সকলো গম পায় ৷ তেওঁলোকে সকলো জানে ৷" ভাদুৰীৰ সমৰ্থনত বৈজ্ঞানিক সন্দীপ চক্ৰৱৰ্তীয়ে কয় যে, মানুহৰ মনে হৈছে আটাইতকৈ দ্ৰুততম যাত্ৰা কৰে ৷ ই কল্পনা শক্তিক দৰ্শায় ৷ প্ৰাচীন কবি সকলে নিজ কল্পনাৰ আধাৰত এই সকলোবোৰ বৰ্ণনা কৰিছিল ৷ ইয়াৰ লগতে চক্ৰৱৰ্তীয়ে কয়, প্ৰাচীন ভাৰতখনে বহুত প্ৰগতি কৰিছিল ৷ ইয়াৰ লগতে তেওঁ কয় যে, মোৰ এই কথা ক'ব দুখ অনুভৱ হৈছে যে, ধনখাড়ৰ দৰে লোকে প্ৰাচীন ভাৰতৰ প্ৰগতিক হানি কৰি আছে ৷

লগতে পঢ়কঃনিৰ্ভয়া কাণ্ডঃ অটল আদালতৰ ৰায়

ABOUT THE AUTHOR

...view details