মুম্বাই,২১ ডিচেম্বৰ : বলীউডৰ অভিনেতা অৰ্জুন ৰামপাল সোমবাৰে উপস্থিত হয় নিচাযুক্ত দ্ৰব্য নিবাৰণ সংস্থা চমুকৈ এনচিবৰ মুম্বাইস্থিত কাৰ্যালয়ত ৷ এনচিবিৰ বিষয়াসকলে বিগত ৯ নৱেম্বৰত ৰামপালৰ বাসগৃহত অভিযান চলাইছিল ৷ ড্ৰাগছৰ সৰবৰাহ সম্বন্ধীয় বিষয়ত সোধপোছ বাবে অভিনেতাগৰাকীক এনচিবিয়ে কাৰ্যালয়লৈ মাতে ৷ ড্ৰাগছ প্ৰতিৰোধী সংস্থাটোৱে পূৰ্বে 16 ডিচেম্বৰত অভিনেতা গৰাকীক কাৰ্যালয়ত বিচাৰিছিল ৷ কিন্তু ৰামপালে 21 ডিচেম্বৰলৈ সময় বিচাৰে ৷
ড্ৰাগছ সন্দৰ্ভত সোধ-পোছৰ বাবে এনচিবিৰ কাৰ্যালয়ত হাজিৰ অৰ্জুন ৰামপাল - Arjun Rampal appears before NCB for questioning in drug case
বলীউডৰ অভিনেতা অৰ্জুন ৰামপাল শেহতীয়াকৈ উপস্থিত হয় নিচাযুক্ত দ্ৰব্য নিবাৰণ সংস্থা চমুকৈ এনচিবিৰ মুম্বাইস্থিত কাৰ্যালয়ত ৷ এনচিবিৰ বিষয়াসকলে বিগত ৯ নৱেম্বৰত ৰামপালৰ বাসগৃহত অভিযান চলাইছিল ৷
Arjun Rampal appears before NCB for questioning in drug case
উল্লেখ্য যে, বিগত 13 নৱেম্বৰতো অভিনেতাগৰাকীক এই সন্দৰ্ভত সোধপোছ কৰা হৈছিল ৷ এনচিবিৰ বিষয়াসকলে বিগত 9 নৱেম্বৰত অৰ্জুন ৰামপালৰ ঘৰত অভিযান চলাই একাংশ বৈদ্যুতিক সামগ্ৰী জব্দ কৰিছিল ৷ ৰামপালৰ প্ৰেমিকা গ্ৰেব্ৰিয়েলা ড্ৰেমেট্ৰিয়েডছৰ লগতে একে দিনাই অভিনেতাগৰাকীক একেৰাহে 6 ঘণ্টাৰ বাবে সোধপোছ অব্যাহত ৰাখে এনচিবিৰ বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক :ওড়িশাত ৰেলৰ খুন্দাত চিন্ন-বিচিন্ন এটা প্ৰকাণ্ড হাতী