অসম

assam

ETV Bharat / bharat

আমি আটায়ে নতুন পৰিৱেশৰ লগত সামঞ্জস্য বজাই ৰাখি চলিব লাগিবঃ অৰ্জুন কাপুৰ - প্ৰায় চাৰিমাহৰ অন্তত পুনৰ শ্বুটিঙত ব্যস্ত অৰ্জুন কাপুৰ

বিগত চাৰিমাহৰ অন্তত শ্বুটিঙত ব্যস্ত বলিউড অভিনেতা অৰ্জুন কাপুৰ । শুকুৰবাৰে শ্বুটিঙৰ মাজতে অভিনেতা গৰাকীয়ে দেশবাসীক এটি নতুন পৰিৱেশৰ লগত সামঞ্জস্য বজাই ৰাখি চলিব লাগিব বুলি মত প্ৰকাশ কৰে ।

অৰ্জুন কাপুৰ
অৰ্জুন কাপুৰ

By

Published : Jul 11, 2020, 8:08 PM IST

নিউজ ডেস্ক, ১১ জুলাইঃবলিউড অভিনেতা অৰ্জুন কাপুৰে প্ৰায় চাৰিমাহৰ অন্তত পুনৰ শ্বুটিঙৰ কামত ব্যস্ত হয় । শুকুৰবাৰে অভিনেতা গৰাকীয়ে শ্বুটিঙত উপস্থিত হৈয়ে মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা পৰিৱেশত সকলোককে নতুনকৈ এই পৰিৱেশত খাপ খুৱাই চলিবলৈ অনুৰোধ কৰে ।

অৰ্জুন কাপুৰে কয় যে, "মই অনুভব কৰিছো যে আমি সকলোককে স্বাভাবিকভাৱে এই পৰিৱেশৰ লগত সামঞ্জস্য বজাই ৰাখি চলিব লাগিব আৰু লাহে লাহে নিজৰ জীৱন পুনৰ আগৰ দিশত লৈ যাবলৈ আৰম্ভ কৰিব লাগিব । আমি সকলোৱে আমাৰ পৰিয়ালক সমৰ্থন কৰি কাম কৰি যাব লাগিব। এই বাবে সকলোৱে নিজৰ পৰিৱেশৰ যথাসম্ভৱ সুৰক্ষিত কৰক যাতে সকলো সুৰক্ষিত থাকে তথা আমি আমাৰ কৰ্মক্ষেত্ৰত এটি স্বাভাৱিক পৰিৱেশ ঘূৰাই পাও । মই আজি প্ৰায় ৪ মাহৰ অন্তত শ্বুটিঙৰ বাবে ওলাই আহিছো । পুনৰ কৰ্মক্ষেত্ৰলৈ ওলাই আহি বহুত আনন্দিত । মই মোৰ ইয়াৰ পাচৰ শ্বুটিঙৰ বাবে অপেক্ষা কৰিম ।"

উল্লেখ্য যে,অৰ্জুন কাপুৰৰ উপৰিও তাপসী পান্নু, বিদ্যা বালন আৰু আয়ুস্মান খুৰানাৰ দৰে বলিউডৰ অভিনেতাই লক ডাউনৰ পাচত পুনৰ শ্বুটিঙত ব্যস্ত হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details