নিউজ ডেস্ক, 28 এপ্ৰিলঃ অন্ধ প্ৰদেশৰ আৰাকু সমষ্টিৰ বিধায়ক কিদাৰী সৰ্বেশ্বৰা ৰাওৰ হত্যাৰ গোচৰত স্থানীয় আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে উক্ত হত্যাৰ গোচৰত জড়িত থকাৰ অভিযোগত কোৰাপুট আৰক্ষীয়ে আটক কৰিছে জয়াৰাম খিল্লা নামৰ এগৰাকী লোকক ৷
বিধায়ক হত্যাৰ গোচৰত আটক এগৰাকীঃ নিয়াৰ জিম্মালৈ প্ৰেৰণ - TDP
অন্ধ্ৰ প্ৰদেশৰ আৰাকু সমষ্টিৰ বিধায়ক কিদাৰী সৰ্বেশ্বৰা ৰাওৰ হত্যাৰ গোচৰত চি পি আই (মাও) এগৰাকী কৰ্মীক আটক কৰিছে অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে ৷ আটকাধীন লোকজন জয়াৰাম খিল্লা বুলি জানিব পৰা গৈছে ৷
বিধায়ক কিদাৰী সৰ্বেশ্বৰা ৰাও
আটকাধীন খিল্লা মাওবাদী সংগঠন চি পি আইৰ সক্ৰিয় সদস্য বুলি প্ৰকাশ কৰিছে কোৰাপুট আৰক্ষীয়ে ৷ বিশাখাপট্টনম জিলাৰ ডামৰবিগুড়াৰ টালা কান্দাপল্লী গাঁৱৰ পৰা আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আটকাধীন লোকজনক অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত তেলেগু দেশম পাৰ্টীৰ বিধায়ক শিভেৰী সোমাৰ লগতে কিদাৰী সৰ্বেশ্বৰা ৰাওক গুলীয়াই হত্যা কৰিছিল সন্দেহজনক মাওবাদীয়ে ৷