অসম

assam

ETV Bharat / bharat

মণিপুৰৰ ম'ৰেত ভাৰত-ম্যানমাৰ সীমান্ত ছীল আছাম ৰাইফলছৰ

এটা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাচতেই আছাম ৰাইফলছৰ দ্বাৰা মণিপুৰৰ ম'ৰে অঞ্চলত মণিপুৰ-ম্যানমাৰ সীমান্ত ছীল ৷ চহৰখনত আইন ব্যৱস্থা বৰ্তাই ৰখা এটা পুৰণি সেনা বাহিনীৰ দল হৈছে আছাম ৰাইফলছ ৷

মণিপুৰৰ ম'ৰেহত ভাৰত-ম্যানমাৰ সীমান্ত ছীল আছাম ৰাইফলছৰ

By

Published : Oct 9, 2019, 2:40 PM IST

ইম্ফল:মণিপুৰৰ ম'ৰে চহৰত আইন শৃংখলা অটুট ৰাখিবলৈ ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰে আছাম ৰাইফলছে ৷ আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে, মঙলবাৰে ম্যানমাৰ সীমান্তৰ পৰা মণিপুৰৰ টেংন'পাল জিলাৰ ম'ৰে চহৰলৈকে 10 কিলোমিটাৰ পৰ্যন্ত ছীল কৰে আছাম ৰাইফলছে ৷

সোমবাৰে এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ম'ৰে চহৰৰ এচ আই বি কাৰ্যালয়ৰ সমীপত ৷ বিগত শনিবাৰে নিশাও এটা বোমা বিস্ফোৰণ সংঘটিত হয় ম'ৰে আৰক্ষী থানাৰ সমীপত ৷ বিস্ফোৰণত কোনো লোকৰ হতাহত হোৱা নাই ৷

আসাম ৰাইফলছ হৈছে সকলোতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী ৷ যিয়ে ৰাজ্য খনৰ আইন শৃংখলা পৰিস্থিতি অটুট ৰাখিবলৈ নিজৰ দায়িত্ব পালন কৰি সুৰক্ষা প্ৰদান কৰি আহিছে ভাৰত-ম্যানমাৰ সীমান্তত ৷

টেংন'পাল জিলাৰ আৰক্ষী অধীক্ষক বিক্ৰমজিৎ সিঙে প্ৰকাশ কৰা মতে, সীমান্তৰ যি দুখন গেট খোলা আছিল, 'গেট নম্বৰ এক' আৰু 'গেট নম্বৰ দুই' সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে ৷ উল্লেখ্য যে, প্ৰায় এশ কিলোমিটাৰ পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় সীমা আছে মণিপুৰত ৷

ABOUT THE AUTHOR

...view details