নিউজ ডেস্ক, 1 এপ্ৰিলঃ দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ভাৰত তথা ৰাজ্যৰ কেবাখনো জেলৰ কাৰাবন্দীসকলক ৷ জামিন তথা পেৰলত কাৰাবন্দীসকলক মুকলি কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে এতিয়া অসমৰ ডিটেনছন কেম্পত বন্দী হৈ থকা বিদেশী সকলক মুকলি কৰি দিবলৈ উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰে অসমৰ এটা পাব্লিক চেৰিটেবল ট্ৰাষ্ট "Justice and Liberty Initiative"য়ে ৷
"Justice and Liberty Initiative" য়ে "কভিদ 19" মহামাৰীৰ সময়চোৱাত ভাৰতৰ মুখ্য দণ্ডাধীশ এচ এ বাবদেক অসমৰ 6 খন ডিটেনছন কেম্পত বন্দী হৈ থকা বিদেশী সকলক শীঘ্ৰেই মুকলি কৰি দিবলৈ এখন আৱেদন প্ৰদান কৰে ৷ পাব্লিক চেৰিটেবল ট্ৰাষ্টটোৱে বন্দী হৈ থকা বিদেশী সকলক মুকলি কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈ শীঘ্ৰে বন্দীসকলৰ স্বাস্থ্য প্ৰতি গুৰুত্ব প্ৰদান কৰি তেওঁলোকক মুকলি কৰিবলৈ মুখ্য ন্যায়াধীশক আহ্বান জনায় ৷