অসম

assam

ETV Bharat / bharat

নিৰ্বাচনী প্ৰচাৰ ৰেলী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি - এছ এ বোবড়ে

মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্যত উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল আৰু উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিজেপি আৰু ভাৰতৰ নিৰ্বাচন আয়োগ ৷

apex-court-to-hear-plea-challenging-order-on-virtual-rallies
নিৰ্বাচনী প্ৰচাৰ ৰেলী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি

By

Published : Oct 24, 2020, 9:29 PM IST

নতুন দিল্লী, 24 অক্টোবৰ: অহা সপ্তাহত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই বিজেপি আৰু ভাৰতৰ নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি প্ৰদান কৰিব ৷ উল্লেখ্য যে, মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্যত উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল আৰু উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বিজেপি আৰু ভাৰতৰ নিৰ্বাচন আয়োগ ৷

ন্যায়াধীশ এ এম খানবিলকাৰ, ন্যায়াধীশ দিনেশ মহেশ্বৰী আৰু ন্যায়াধীশ সঞ্জীব খান্নাৰ বিচাৰ পীঠে ২৬ অক্টোবৰত এই আবেদনৰ শুনানি প্ৰদান কৰিব।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবড়েৰ নেতৃত্বত এখন বিচাৰ পীঠে হাৰিয়ানা আৰু পঞ্জাৱক প্ৰতিকৃতি দাহৰ দৰে কাৰ্য বন্ধ কৰাৰ সন্দৰ্ভত দাখিল কৰা আবেদন সমূহৰ শুনানিও প্ৰদান কৰিব ৷

লগতে পঢ়ক: মৃত্যুৰ ১৮ ঘণ্টা পৰ্যন্ত কৰ'ণা আক্ৰান্ত ৰোগীৰ দেহত সক্ৰিয় হৈ থাকে ভাইৰাছ

ABOUT THE AUTHOR

...view details