নিউজ ডেস্ক, 11 এপ্ৰিলঃঅন্ধ্ৰ প্ৰদেশত কাৰ্যকৰী হোৱা এক নিৰ্দেশনাৰ পিচতেই ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰক ৷ শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল পাঁচ বছৰৰ পৰিৱৰ্তে তিনি বছৰলৈ কমাই অনা হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ পঞ্চায়তী ৰাজ আইন, 1994ৰ সংশোধনীৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ অন্ধ্ৰ প্ৰদেশৰ শাসনাধিস্থিত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টী আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ মাজত হোৱা প্ৰায় এমাহযোৰা শীতল যুদ্ধৰ অন্তত শুকুৰবাৰে এইদৰে বৰ্খাস্ত কৰা হয় মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক ৷
কোভিড-19 মহামাৰীক লৈ অন্ধ্ৰ প্ৰদেশৰ স্থানীয় প্ৰশাসন (পঞ্চায়তীৰাজ ব্যৱস্থা)ৰ নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশনা দিছিল ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰে ৷ পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশ চৰকাৰে Government Order জাৰী কৰে আৰু ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে ইয়াক অনুমতি প্ৰদান কৰে ৷ মাৰ্চ 21 আৰু 23ত অনুষ্ঠিত হোৱাৰ কথা আছিল অন্ধ্ৰ প্ৰদেশৰ স্থানীয় আৰু নগৰ প্ৰশাসনৰ নিৰ্বাচন ৷ কিন্তু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে 14 মাৰ্চত ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু অভিযোগ দাখিল কৰিছিল ৷