নিউজ ডেস্ক, 4 জুনঃলক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা টেক্সি-অটোচালক সকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে বাৰ্ষিক ভাট্টা দিবলৈ ব্য়ৱস্থা কৰিছে অন্ধ প্ৰদেশ চৰকাৰে । এই অনুসৰি চালকসকলক দিব লগীয়া ভাট্টাৰ ধন চৰকাৰে মুকলি কৰি দিয়ে । ইয়াৰ ফলত চালকসকলে লাভ কৰিব 10,000 টকাৰ বাৰ্ষিক ভাট্টা ।
ৰাজ্যখনৰ 2,62,493 গৰাকী চালকে লাভ কৰিব এই ভাট্টা । ইয়াৰ বাবে চৰকাৰে 262.49 কোটি টকা মুকলি কৰা বুলি জানিবলৈ দিয়ে ৰাজ্য়খনৰ মুখ্যমন্ত্ৰীয়ে ।