নিউজ ডেস্ক, ১৪ মে' : প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ, জিভিএল নৰসিংহ ৰাওৱে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । বৃহস্পতিবাৰে এই সন্দৰ্ভত এক সংবাদমেলত দেশত নিৰ্মিত, বহুজাতিক কোম্পানীসমূহকে ধৰি সকলো প্ৰতিষ্ঠানে ভাৰতত নিৰ্মাণ কৰা সকলো বস্তুৱে দেশৰ বাবে লোকেল বুলি কয় নেতাগৰাকীয়ে ।
ভাৰতত নিৰ্মিত সকলোবোৰেই আমাৰ বাবে লোকেল : বিজেপি - জিভিএল নৰসিংহ ৰাও ৰাজ্যসভাৰ সাংসদ
বিজেপি মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ, জিভিএল নৰসিংহ ৰাওৱে প্ৰকাশ কৰা অনুসৰি, ভাৰতত প্ৰস্তুত হোৱা সকলো বস্তুৱে স্থানীয় বুলি ধৰা হ'ব । বহুজাতিক কোম্পানীসমূহকে ধৰি ভাৰতত স্থানীয়ভাৱে উৎপাদিত সকলো সামগ্ৰীয়ে দেশৰ বাবে লোকেল বুলি কয় সাংসদ তথা মুখপাত্ৰগৰাকীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোকে আত্মনিৰ্ভৰশীল হ'বলৈ কোৱা বিষয়টো সন্দৰ্ভত সাংসদ তথা মুখপাত্ৰগৰাকীয়ে স্পষ্টীকৰণ প্ৰকাশ কৰে । তেওঁ প্ৰকাশ কৰা অনুসৰি, চৰকাৰে স্থানীয় বস্তুৰ বাবে কোনো নীতি নিৰ্ধাৰণ কৰা নাই যদিও বহুসংখ্যক লোকে স্বদেশত নিৰ্মিত ভাল গুনাগুণসম্পন্ন বস্তুৱে ক্ৰয় কৰিব বিচাৰিব । যেতিয়া কোনো লোকেল বস্তুৰ নাম লোৱা হ'ব, ই কেৱল ভাৰতৰ ঘৰুৱা উদ্যোগেই নহয়, বহুজাতিক কোম্পানীসমূহে ভাৰতত স্থানীয়ভাৱে নিৰ্মাণ তথা প্ৰস্তুত কৰি উলিওৱা সকলোবোৰ সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে ।
উল্লেখ্য যে, ভাৰতে কোভিড-১৯ মহামাৰীৰ সময়ত ১০০ৰো অধিক দেশক স্বদেশী মেডিচিন প্ৰদান কৰাৰ লগতে ১০ লাখৰো অধিক এন৯৫ মাস্ক তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হৈছে, যিটো আগতে কেতিয়াও সম্ভৱ হোৱা নাছিল ।