নিউজ ডেস্ক, ৩০ জানুৱাৰী :অনুচ্ছেদ ৩৭০ বাতিলৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পোৱা দেখা গৈছে । বিভিন্ন বিষয়ক লৈ দুয়োখন দেশৰ মাজত বাক-বিতণ্ডাও চলিছে । কিন্তু দুয়োখন দেশৰ মাজৰ এই মতানৈক্য়ক লৈ এইবাৰ ৰাষ্ট্ৰসংঘৰ বিশেষ আহ্বান । ৰাষ্ট্ৰসংঘৰ সচিব-জেনেৰেল এন্টোনিও গাটেৰেছে দুয়োখন দেশক একত্ৰিত হৈ তেওঁলোকৰ সমস্য়াৰ বিষয়ে আলোচনা কৰাটো অতি আৱশ্য়ক বুলি মন্তব্য় কৰে । লগতে তেওঁ কয় যে যিকোনো সংঘৰ্ষ কেৱল দুয়োখন দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেই চৰম বিপৰ্যয়ৰ বিষয় হ'ব ।
উল্লেখ যে ২০১৯ চনত গাটেৰেছে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে জাৰী কৰিছিল এক বিবৃতি য'ত তেওঁ সকলোকে সংযম হ'বলৈ আহ্বান জনাইছিল । এই বিবৃতিটোকে উধৃত কৰি এগৰাকী পাকিস্তানৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সচিব গৰাকীয়ে দুয়োখন দেশকে পুনৰ শান্তি আলোচনাৰ বাবে আহ্বান জনায় ।