নতুন দিল্লী,5 এপ্ৰিলঃজ্যেষ্ঠ ৰাজনৈতিক নেতা অনুৰাগ শ্ৰীবাস্তৱে সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ ৰবীশ কুমাৰৰ সফলতাপূৰ্বক কাৰ্যকালৰ সমাপ্তিৰ পিছত এই দায়িত্ব গ্ৰহণ কৰে শ্ৰীবাস্তৱে ৷ 1999 চনত শ্ৰীবাস্তৱে ভাৰতীয় বৈদেশিক পৰিক্ৰমাৰ ইথিঅ’পিয়াস্থিত দূতাবাসত কৰ্মৰত আছিল ৷ সম্পূৰ্ণ সন্মানসূচক আৰু দায়িত্ব সহকাৰে কাৰ্যভাৰ গ্ৰহণ কৰি ভৱিষ্যতে সুকলমে সকলো কৰ্তব্য পালন কৰিব বুলি শ্ৰীবাস্তৱে টুইটযোগে প্ৰকাশ কৰে ৷
ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰূপে নিযুক্ত অনুৰাগ শ্ৰীবাস্তৱ - ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰূপে নিযুক্ত অনুৰাগ শ্ৰীবাস্তৱ
ৰবীশ কুমাৰৰ সফলতাপূৰ্বক কাৰ্যকালৰ সমাপ্তিৰ পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰৰূপে দায়িত্ব গ্ৰহণ কৰে অনুৰাগ শ্ৰীবাস্তৱে ৷ 1999 চনত শ্ৰীবাস্তৱে ভাৰতীয় বৈদেশিক পৰিক্ৰমাৰ ইথিঅ’পিয়াস্থিত দূতাবাসত কৰ্মৰত আছিল ৷
ইথিঅ’পিয়াত কাম কৰাৰ পূৰ্বে শ্ৰীবাস্তৱ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিত্ত বিভাগৰ দায়িত্বত কৰ্মৰত আছিল, য’ত বাৰ্ষিক 2 বিলিয়ন আমেৰিকান ডলাৰৰ ব্যৱসায়িক আয়-ব্যয়ৰ পৰিচালনা কৰিছিল ৷ শ্ৰীবাস্তৱে জেনেভাৰ জাতি সংঘত ভাৰতৰ হৈ স্থায়ী মিছনত মানৱাধিকাৰ, শৰণাৰ্থী আৰু বাণিজ্য নীতি সম্পৰ্কীয় সকলোধৰণৰ বিষয় চোৱাচিতা কৰিছিল ৷ লগতে মন্ত্ৰালয়ৰ অন্তৰ্গত পাকিস্তান, আফগানিস্তান আৰু ইৰাণৰ বিষয় সন্দৰ্ভতো দায়িত্ব পালন কৰিছিল ৷ শ্ৰীবাস্তৱে অভিযান্ত্ৰিক আৰু ব্যৱসায়িক মেনেজমেণ্টৰ ডিগ্ৰী অৰ্জন কৰিছিল ৷ ভাৰতৰ বৈদেশিক সেৱাত চাকৰি কৰাৰ পূৰ্বে ক’ৰ্পৰেট ক্ষেত্ৰত সেৱা আগবঢ়াইছিল শ্ৰীবাস্তৱে ৷