নিউজ ডেস্ক, ৫ জুলাই :অভিনেতা অনুপম খেৰে শনিবাৰে ছবি “Hum” ৰ চুটিংৰ এখন পুৰণি ফটো ইনষ্ট্ৰাগ্ৰামত আপলোড কৰি পুৰণি স্মৃতি ৰোমন্থন কৰে যত ফটোখনত অভিনেতা গৰাকীৰ লগতে অভিনেতা অমিতাভ বচ্চন আৰু পৰিচালক মুকুল আনন্দক একে লগে দেখা পোৱা গৈছিল । ৬৫ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ফটোখনৰ লগতে এটা পোষ্ট লিখি উল্লেখ কৰিছিল যে, এই ছবিখনে সেই সময়ৰ সকলো কথা মনত পেলাই দিলে ।
পুৰণি ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি স্মৃতি ৰোমন্থন অভিনেতা অনুপম খেৰৰ - অমিতাভ বচ্চন
অভিনেতা অনুপম খেৰে শনিবাৰে নিজৰ ছবি “Hum” চুটিংৰ এখন পুৰণি ফটো ইনষ্ট্ৰাগ্ৰামত আপলোড কৰি পুৰণি স্মৃতি ৰোমন্থন কৰে যত ফটোখনত অভিনেতা গৰাকীৰ লগতে অভিনেতা অমিতাভ বচ্চন আৰু পৰিচালক মুকুল আনন্দক একে-লগে দেখা পোৱা গৈছিল । ছবিখনৰ পুৰণি মেক আপ মেন বাহাদুৰ সিঙে ফটোখন অভিনেতা গৰাকীক পঠোৱা বুলি উল্লেখ কৰে । ফটোখন দেখাৰ লগে লগে সেই সময়ত কৰা আনন্দৰ লগতে সকলো ঘটনা-পৰিঘটনা মনত পৰা বুলি উল্লেখ কৰে ।
anupam-kher-shares-throwback-pic-with-the-tallest-persona-of-bollywood
ছবিখনৰ পুৰণি মেক আপ মেন বাহাদুৰ সিঙে ফটোখন অভিনেতা গৰাকীক পঠোৱা বুলি উল্লেখ কৰে । ফটোখন দেখাৰ লগে লগে সেই সময়ত কৰা আনন্দৰ লগতে সকলো ঘটনা-পৰিঘটনা মনত পৰা বুলি উল্লেখ কৰে । লগতে সেই সময়ত ম'বাইল, ইন্টাৰনেট অবিহনে সকলোৱে যে একেলগ হৈ কাম কৰিছিল সেয়া উল্লেখ কৰাৰ লগতে পৰিচালক মুকুল আনন্দৰ কথাও উল্লেখ কৰে । ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেতা গৰাকীয়ে, সেই সময়ত অভিনেতা-অভিনেত্ৰীৰ লগত কৰা ৰং-ধেমালিৰ কথাও উল্লেখ কৰিছে ।