নিউজ ডেস্ক, 5 জুলাই :প্ৰাক্তন বিধায়ক তথা 1984 চনৰ শিখবিৰোধী সংঘৰ্ষৰ অভিযুক্ত মহেন্দৰ যাদৱৰ দেওবাৰে মৃত্যু হয় ৷ 10 বছৰৰ শাস্তিৰে তেওঁক মান্দোলী কাৰাগাৰত ৰখা হৈছিল আৰু কাৰাগাৰত থকা অৱস্থাতে কোভিড-19ত আক্ৰান্ত হৈছিল শিখবিৰোধী সংঘৰ্ষৰ অন্যতম অভিযুক্তগৰাকী ৷ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই তেওঁক দিল্লীৰ লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷
বিগত কিছুদিন পূৰ্বেই অভিযুক্ত যাদৱে আদালতত জামিন আবেদন কৰিছিল যদিও তেওঁৰ জামিন আবেদন নাকচ কৰিছিল দেশৰ শীৰ্ষ আদালতে ৷ 26 জুনতে তেওঁ এইদৰে জামিনৰ বাবে আবেদন কৰিছিল আৰু 1 জুলাইত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল ৷ কোভিড-19ত আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন হৈ থকাৰ বাবেই শীৰ্ষ আদালতে তেওঁৰ জামিন আবেদন নাকচ কৰিছিল ৷