অসম

assam

ETV Bharat / bharat

কোভিড-১৯ ৰোগীৰ পৰিচৰ্যাৰ বাবে লাভজনক এণ্টি লেপ্ৰছি ভেকচিন - কোভিড-১৯ ৰোগীৰ পৰিচৰ্যাৰ বাবে লাভজনক এণ্টি লেপ্ৰছি ভেকচিন

এণ্টি লেপ্ৰচি ভেকচিন মাইকোবাক্টেৰিয়াম ডব্লিউ (Mw)ৱে কোবিড-১৯ ৰোগীৰ পৰিচৰ্যাত সুফল দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ প্ৰাৰম্ভিক পৰীক্ষণ চণ্ডীগড়ৰ PGIMERত সম্পন্ন কৰা হয় ।

চণ্ডীগড়ৰ PGIMER
চণ্ডীগড়ৰ PGIMER

By

Published : Apr 26, 2020, 3:25 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ এণ্টি লেপ্ৰচি ভেকচিন মাইকোবাক্টেৰিয়াম ডব্লিউ (Mw)ৰ পঞ্জাৱৰ চণ্ডীগড়স্থিত Post Graduate Institute of Medical Education and Research (PGIMER)ত এক সফল পৰীক্ষণ সমাপ্ত হয় আৰু এই প্ৰাৰম্ভিক পৰীক্ষণত কোভিড-১৯ ৰোগীৰ পৰিচৰ্যাত অধিক সুফল দেখুৱাবলৈ সক্ষম হৈছে ।

চণ্ডীগড়ৰ PGIMER

চাৰিগৰাকীকৈ ৰোগীক তিনিদিন ধৰি ০.৩ মিলিলিটাৰকৈ Mwৰ এই প্ৰতিষেধক প্ৰদান কৰাৰ পিচতে ক্ষীপ্ৰতাৰে সুস্থ হৈ উঠে । এই ড্ৰাগ পূৰ্বতে লেপ্ৰচি,টিবি আৰু নিমোনিয়াৰ ৰোগীসকলৰ দেহত প্ৰয়োগ কৰাৰ সময়তো কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত কৰা হোৱা নাছিল । প্ৰতিষ্ঠানটোৰ নিৰ্দেশক অধ্যাপক জগতৰামে প্ৰকাশ কৰা অনুসৰি,দিল্লীস্থিত এইমছ আৰু ভুপালস্থিত এইমছতো ইয়াৰ একেধৰণৰ পৰীক্ষণ সম্পন্ন কৰা হ'ব । ইয়াৰ লগতে চাৰিগৰাকীকৈ কোভিড-১৯ ৰোগীৰ দেহত ইয়াক পৰীক্ষা কৰা হৈছিল বুলি উল্লেখ কৰি অন্য ৰোগীৰ দেহটো ইয়াক প্ৰয়োগ কৰা হ'ব বুলি জানিবলৈ দিয়ে নিৰ্দেশকগৰাকীয়ে ।

অধ্যাপক ডাঃ ৰিতেশ আগৰৱালে প্ৰকাশ কৰা অনুসৰি,ৰোগীসকলক পৰীক্ষণৰ সময়ত অক্সিজেন লগাই থোৱা হৈছিল । যেতিয়াই এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ কৰে,আমাৰ দেহৰ ৰক্ষাত্মক কোষসমূহ সক্ৰিয় হৈ এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়ে । যদিহে ৰোগীজনৰ শাৰিৰীক অৱস্থা বেয়াৰ ফালে ঢাল খায়,তেতিয়াই তেওঁৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবলৈ ইমুনোমডুলেটৰি ড্ৰাগ দিয়া হয়। ৰোগীজনৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবলৈ পৰৱৰ্তী সময়ত মাইকোবাক্টেৰিয়াম ডব্লিউ সোমাৱাই দিয়া হয়। পৰৱৰ্তী পৰীক্ষণত এই সময়খিনিত ৰোগীজনক কিমানখিনি অক্সিজেনৰ প্ৰয়োজন হয় তাক লক্ষ্য কৰা হ'ব । ইয়াৰ লগতে এগৰাকীক এম ডব্লিউ দিয়া হ'ব আৰু বাকীকেইজনৰ সাধাৰণ পানীৰে পৰীক্ষা কৰা হ'ব । এইখিনি সময়ত ৰোগীকেইজনৰ দেহৰ অৱস্থা নিৰীক্ষণ কৰি কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া হৈছে নে নাই তাক লক্ষ্য কৰা যাব ।

আন এগৰাকী অধ্যাপক ডাঃ দিগম্বৰ বেহেৰাই প্ৰকাশ কৰা অনুসৰি,ইতিমধ্যে ইয়াৰ সুৰক্ষাজনিত পৰীক্ষণ বহুকেইগৰাকী ৰোগীৰ ওপৰত সম্পন্ন কৰা হৈছে । এতিয়া আমি এই ড্ৰাগে মৃত্যুৰ হাৰ কিমান পৰিমাণে ৰোধ কৰিব পাৰে তাক লক্ষ্য কৰিম । ইয়াৰ লগতে এগৰাকী ৰোগীয়ে সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কিমান দিনৰ সময় লয় তাকো আমি নিৰীক্ষণ কৰিম ।

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ 64 সংখ্যক "মন কি বাত",কি ক'লে ?

For All Latest Updates

ABOUT THE AUTHOR

...view details