নেশ্যনেল ডেস্ক,14 ডিচেম্বৰ : দেশৰ ৰাজধানী দিল্লীত শনিবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনত শ শ অসমীয়াই জন্তৰ মন্তৰত অংশগ্ৰহণ কৰে ৷ হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ "কেব ঘূৰাই লওক", "আমি কেব নিবিচাৰো", "আমাৰ পৰিচয় ৰক্ষা কৰক" আদি বিভিন্ন দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে বিভিন্ন কলেজ তথা কাৰ্যালয়ত কৰ্মৰত দিল্লীস্থিত অসমীয়াই ৷
এজন প্ৰতিবাদকাৰীয়ে কয়, "আমি কেতিয়াও কেব গ্ৰহণ নকৰো ৷ এয়া অসাংবিধানিক আৰু এই আইনে আমাৰ সংস্কৃতি আৰু পৰিচয়ত ব্যাঘাত জন্মাব ৷"